thumbnail

Newly constructed training centre in Rangia:ৰঙিয়াত নৱনিৰ্মিত প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন

By

Published : Jul 27, 2023, 5:04 PM IST

ৰঙিয়া, 27 জুলাই : বৃহস্পতিবাৰে ৰঙিয়াৰ কৃষি বিভাগৰ চৌহদত নৱনিৰ্মিত প্ৰশিক্ষণ কেন্দ্ৰ এটা উদ্বোধন কৰে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই  ৷ এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানটোত ফিতা কাটি কাৰ্যালয়টো উদ্বোধন কৰে বিধায়কগৰাকীয়ে । প্ৰায় ৮০ লাখ টকা ব‍্যয় সাপেক্ষে নিৰ্মিত প্ৰশিক্ষণ কেন্দ্ৰটোৰ দ্বাৰা ৰঙিয়াৰ ৰাইজৰ উপকৃত হ’ব আশা ব‍্যক্ত কৰে বিজেপি নেতাগৰাকীয়ে ।

নাবাৰ্ডৰ ধনেৰে নিৰ্মিত ভৱনটো উদ্বোধনৰ পিছত পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰি ৰঙিয়াৰ বিধায়কগৰাকীয়ে বিভাগটোৰ বিষয়া-কৰ্মচাৰী সকলক সঠিকভাৱে কৰ্ম সম্পাদন কৰি ৰাইজক সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় । কেন্দ্ৰটো উদ্বোধনৰ পিছত বিধায়কগৰাকীয়ে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে ৰাজস্থানৰ ছিকৰৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ চতুৰ্থটো কিস্তিৰ ধনৰাশি মুকলি কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে । 

অনুষ্ঠানটোত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ লগতে ৰঙিয়াৰ মহকুমাধিপতি দিপন বৰ্মন, কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকল, বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি সুবল পাল, বিজেপিৰ ৰঙিয়া নগৰ মণ্ডলৰ সভানেত্ৰী দ্বীপ্তি লহকৰৰ লগতে বহু সংখ্যক কৃষকেও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Bhabesh Kalita in Rangia: যেতিয়াই নিৰ্বাচন আহে সাংসদ বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক মন্তব্য কৰে; ভৱেশ কলিতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.