উদীয়মান কণ্ঠশিল্পী অখিলেশ কাশ্যপ বৰঠাকুৰৰ কাঢ়িলা ঘুমতি মোৰ শীৰ্ষক গীত উন্মোচন - Akhilesh Kashyap Borthakur song

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 10:14 PM IST

গোলাঘাট, 16 নৱেম্বৰ : বৃহস্পতিবাৰে গোলাঘাটৰ নামবৰ গেষ্ট হাউচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এটি নতুন অসমীয়া গীত মুকলি কৰা হয় ৷ ‘‘কাঢ়িলা ঘুমতি মোৰ’’ শীৰ্ষক গীতটোত উদীয়মান কণ্ঠশিল্পী অখিলেশ কাশ্যপ বৰঠাকুৰে কণ্ঠদান কৰাৰ লগতে ৰচনা কৰিছে ৷ গীত উন্মোচনী সভাখনৰ আঁত ধৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰাই আৰু সভাপতিত্ব কৰে গোলাঘাটৰ জেষ্ঠ সাংবাদিক দীপেন দ‌ত্তই ।

বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা জেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাই । গীতটো উন্মোচন কৰে জেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে । উক্ত উন্মোচনী সভাত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ অচিন্ত গোস্বামী; কবি, নিবন্ধকাৰ পাৰিজাত বৰুৱা; হেমা চৌধুৰী গগৈ; সাংস্কৃতিক কৰ্মী ৰেকিৱ শ্বাহ আদিকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে, গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ প্ৰদীপ বৰঠাকুৰ আৰু ইমামণি বৰঠাকুৰৰ সন্তান অখিলেশ কাশ্যপ বৰঠাকুৰে সৰুৰে পৰা সংগীত চৰ্চাত ব্ৰতী হৈ আহিছে । বৃহস্পতিবাৰে তেখেতৰ প্ৰথমটো গীত উন্মোচন হোৱাৰ পাচত উদীয়মান শিল্পীগৰাকী আনন্দিত হোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : শ্ৰী ৰঘূপতিৰ নিৰ্মাণৰ ধন ক'ৰ পৰা আহিছিল ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.