thumbnail

NK production new Assamese film:দীর্ঘ দিনৰ বিৰতিৰ মূৰত NK প্ৰডাকচনৰ বেনাৰত পুনৰ আহি আছে অসমীয়া ছবি

By

Published : Mar 13, 2023, 2:32 PM IST

গুৱাহাটী, ১৩ মাৰ্চ: দীর্ঘ বিৰতিৰ মূৰত NK প্ৰডাকচনৰ বেনাৰত পুনৰ আহি আছে অসমীয়া বোলছবি (New Assamese film under NK production banner) ৷ NK প্ৰডাকচনে প্ৰযোজনা কৰিছে নতুন অসমীয়া ছবি ‘SLAM BOOK’ । আগন্তুক ৫ মে'ত ছবি গৃহলৈ আহিব চলচ্চিত্ৰখন ।

দেওবাৰে মহানগৰীৰ হোটেল NK ত ছবি খনৰ পোষ্টাৰ, গীত আৰু ভিডিঅ’ মুকলি কৰা হয় । মুকলি কৰে যুৱপ্ৰজন্মৰ হাটথ্ৰ’ৱ জুৱিন গাৰ্গে । ছবিখনৰ প্ৰযোজনা কৰিছে দেৱ বৰকটকীয়ে (New Assamese Film) । দেওবাৰে ছবিখনৰ পোষ্টাৰ আৰু গীত মুকলি অনুষ্ঠানত জুবিন গাৰ্গৰ উপৰিও যতীন বৰা, দিগন্ত ভাৰতী, পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি বিভিন্ন জন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

ছবিখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে । ছবিখনৰ সংগীত মুকলি কৰি জুবিন গাৰ্গে কয় যে N K production ৰ পুৰণি ছবিৰ সোৱাদ দৰ্শকে পুনৰ লাভ কৰিব । লগতে তেওঁ জানিবলৈ দিয়ে যে এইবাৰ পূৰ্বৰ দৰে ধাৰাবাহিক বাবে বিহুৰ অনুষ্ঠান নকৰে শিল্পীগৰাকীয়ে । দুটা অনুষ্ঠানৰ পিছত আন এটা অনুষ্ঠান কৰোঁতে মাজত এটা দিন জিৰণি ল’ব বুলিও প্ৰকাশ কৰে শিল্পী গৰাকীয়ে ।

লগতে পঢ়ক : Naatu Naatu wins Oscars: আৰু অৱশেষত Naatu Naatu ৰ ষ্টেপত প্ৰাণ খুলি নাচিছে ভাৰতে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.