Netaji statue unveiled: চিলাপথাৰৰ শীতলাবাড়ীত নেতাজীৰ প্ৰতিমূৰ্তি উন্মোচন - চিলাপথাৰৰ শীতলাবাড়ীত নেতাজীৰ প্ৰতিমূৰ্তি উন্মোচন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 9, 2023, 10:18 PM IST

জোনাই,৯ এপ্ৰিল: দেওবাৰে চিলাপথাৰৰ সমীপৰ ভৈৰৱপুৰ শীতলাবাড়ীত উন্মোচন কৰা হয় ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম মহান সংগ্ৰামী নেতা নেতাজী সুভাষচন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি (Netaji statue unveiled at Sheetalbari in Silapathar) । লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই উন্মোচন কৰে নেতাজীৰ প্ৰতিমূৰ্তিটো । বৃহত্তৰ ভৈৰৱপুৰ অঞ্চলৰ দীৰ্ঘদিনীয়া এক দাবী আছিল নেতাজীৰ প্ৰতিমূৰ্তি স্থাপন কৰা (MP Pradan Baruah) ।  

শেহতীয়াকৈ বিধায়ক ভূৱন পেগু আৰু বিশিষ্ট সমাজকৰ্মী কৃষ্ণ দেৱনাথে নিজৰ যৌথ ধনেৰে সুদুৰ ৰাজস্থানৰ পৰা মাৰ্বল পাথৰেৰে প্ৰতিমূৰ্তি নিৰ্মাণ কৰি আনে । দেওবাৰে দিনৰ ১১:৩৫ মান বজাত এক উন্মোচনী সভাৰ যোগেদি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিতি বিধায়ক ভূৱন পেগুৱে নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ বন্তি প্ৰজ্বলন কৰি ফিটা কাটি উন্মোচন কৰি কয় যে, নেতাজী সুভাষচন্দ্ৰ বসুৰ কথা আমি কৈ থাকিলেও শেষ কৰিব নোৱাৰিম (Netaji Subhas Chandra Bose statue unveiled) ।  

যিজন ব্যক্তিৰ অশেষ প্ৰচেষ্টাৰ ফলত ভাৰতবৰ্ষে স্বাধীনতা লাভ কৰিছিল । সেইজনা স্বাধীনতা আন্দোলনৰ মহান ব্যক্তিৰ প্ৰতিমূৰ্তি উন্মোচন কৰি সঁচাই মনত বহুত আনন্দ অনুভৱ কৰা বুলি উল্লেখ কৰে । সভাত উপস্থিত থাকি লখিমপুৰ সাংসদগৰাকীয়ে কয় যে, নেতাজী সুভাষচন্দ্ৰ বসুয়ে স্বাধীনতা আন্দোলনৰ ইতিহাসত যি অৰিহণা দি গৈছে তাৰ সন্মান তেওঁক আগতেই দিব লাগিছিল যদিও শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সংসদৰ মূল কেন্দ্ৰস্থলত তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে ।  

গতিকে এই গৰাকী মহান নেতাৰ বিষয়ে অধ্যয়ন, গৱেষণাৰ প্ৰয়োজন আছে । কি পৰিস্থিতিত কেনেকুৱা ধৰনৰ মোকাবিলা কৰিব লাগে তাৰ বাবে তেওঁ এটা দিশ দেখুৱাই গৈছে বুলি কৈ নেতাজীৰ প্ৰতিমূৰ্তি স্থাপন কৰাত বিধায়ক ভূৱন পেগু আৰু সমাজকৰ্মী অনিল দেৱনাথক ধন্যবাদ জ্ঞাপন কৰে । উন্মোচনী কাৰ্যসূচীত বিভিন্ন জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে । 

লগতে পঢ়ক: Jail viral video: কয়দীৰ সৈতে তাচ খেলত মছগুল কাৰাগাৰৰ ভাৰপ্ৰাপ্ত প্ৰধান প্ৰহৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.