thumbnail

Paddy Cultivation at Nellie: পীযুষ হাজৰীকাই বাবেই এইবেলি ধানখেতি ভাল হ’ল; এবিঘা মাটিৰ ধান মন্ত্ৰীলৈ উপহাৰ

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 10:41 PM IST

মৰিগাঁও, 8 অক্টোবৰ: আগতে বানৰ বাবে একো ধানৰ খেতিয়েই হোৱা নাছিল অঞ্চলটোত ৷ কিন্তু এইবাৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ কৃপাত ধানেৰে পথাৰ নদন-বদন ৷ সেয়েহে মন্ত্ৰীগৰাকীক প্ৰথমে চপোৱা ধানখিনিকে মৰমতে উপহাৰ হিচাবে দিব হুছেইন আলীয়ে ৷ কেৱল হুছেইন আলীয়েই নহয়, সংখ্যালঘূ অধ্যুষিত অঞ্চলটোৰ প্ৰতিটো কৃষক পৰিয়াল এতিয়া মন্ত্ৰী পীযুষ হাজৰীকাৰ প্ৰশংসাত পঞ্চমুখ ৷ উল্লেখ্য যে, মৰিগাঁও জিলাৰ বৃহত্তৰ নেলী অঞ্চলৰ কৃষকসকলে বিগত বৰ্ষলৈকে ধানৰ খেতি কৰি লাভৱান হোৱা নাছিল বানৰ বাবে ৷ কিন্তু  জাগীৰোড বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ তৎপৰতাত  কলং-কপিলীৰ সংগমস্থলীত নিৰ্মাণ কৰা শ্লুইচগেটৰ বাবে এইবেলি শালি-লাহি সকলো ধানৰ খেতিয়েই ভাল হৈছে ৷ সেয়েহে কৃষকসকলৰ মুখত এতিয়া কেৱল পীযুষ হাজৰীকাৰ প্ৰশংসা ৷ আগতে যদি অঞ্চলটোৰ কোনোবাই মন্ত্ৰীগৰাকীক ভোট দিয়া নাছিল, এইবাৰৰ পৰা 100 শতাংশই দিব বুলি জানিবলৈ দিছে ৷ ইফালে নেলী বসুন্ধৰী গাঁৱৰ কৃষক হুছেইন আলীয়ে প্ৰথমবাৰৰ বাবে লখিমী আদৰি এবিঘা মাটিৰ ধান মন্ত্ৰী পীযুষ হাজৰীকাক মৰমতে উপহাৰ দিব বুলি জানিবলৈ দিছে ৷

লগতে পঢ়ক: Emanuel Musahary resigns from BJP: বিজেপি এৰি পুনৰ হাগ্ৰামাৰ কাষলৈ ইমানুৱেল মুছাহাৰী !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.