নাৰী সৱলীকৰণৰ বাৰ্তাৰে গুৱাহাটীৰ পৰা দিল্লীলৈ 2017 কিঃমিঃ চাইকেল ৰেলী 14 যুৱতীৰ

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 10:02 PM IST

thumbnail

চিৰাং, 25 ডিচেম্বৰ: নেশ্যনেল কেডেট কৰ্প চমুকৈ এন চি চিৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰয়াগৰাজত থকা এন চি চি সঞ্চালকালয়ে আয়োজন কৰিছে বিশেষ ৰেলী ৷ গুৱাহাটীৰ পৰা উত্তৰপ্ৰদেশ এন চি চিৰ 14 গৰাকী ছোৱালীৰ এটা দলে দিল্লী অভিমুখে আৰম্ভ কৰিছে চাইকেল ৰেলী ৷ মুঠ 2017 কিঃমিঃ অতিক্ৰম কৰিবলগীয়া এই ৰেলীৰ শ্ল’গান হৈছে নাৰী সৱলীকৰণ ৷  

14 গৰাকী ছোৱালীয়ে চাইকেল লৈ আৰম্ভ কৰা এই ৰেলী সোমবাৰে উপস্থিত হয় চিৰাং জিলাৰ কাজলগাঁওস্থিত উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয়ত ৷ তাতেই দলটোক আদৰণি জনোৱা হয় ৷ 14 জনীয়া এন চি চিৰ চাইকেল ৰেলীটোক নেতৃত্ব দিছে ভাৰতীয় সেনাৰ কৰ্ণেল অঞ্জন সেনগুপ্ত আৰু নৌসেনাৰ লেফ্টেনেন্ট ৰাহুল মিশ্ৰই । যোৱা 22 ডিচেম্বৰত গুৱাহাটীৰ পৰা অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই ফ্লেগ অফ কৰা চাইকেল ৰেলীৰ দলটো পুৱা 11 বজাত উপস্থিত হয় কাজলগাঁৱত । 

দলটোক কলেজৰ এন চি চি গোটে উষ্ম আদৰণি জনায় ৷ চাইকেল ৰেলীত অহা উত্তৰপ্ৰদেশ এনচিচিৰ ছোৱালীৰ দলটোৰ মূল উদ্দেশ্য হৈছে মহিলা সৱলীকৰণ । গুৱাহাটীৰ পৰা চাইকেলেৰে গৈ 28 জানুৱাৰীত দেশৰ ৰাজধানী দিল্লীত উপস্থিত হ’ব দলটো ৷ নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব তেওঁলোকে ।  

লগতে পঢ়ক: দিল্লী অভিমুখে চাইকেলেৰে যাত্ৰা কৰা এন চি চিৰ যুৱতীৰ দলটোক বৰপেটাত আদৰণি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.