Youth missing: কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ যুৱক সন্ধানহীন - মুকালমুৱা আৰক্ষী
🎬 Watch Now: Feature Video


Published : Nov 11, 2023, 1:01 PM IST
নলবাৰী, 11 নৱেম্বৰ: পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক । কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সন্ধানহীন নলবাৰীৰ যুৱক । সন্ধানহীন যুৱকজন নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত গংগাপুৰৰ চফিকুল বুলি জানিব পৰা গৈছে । নলবাৰীৰ গংগাপুৰৰ ইছলাম আলীৰ পুত্ৰ চফিকুল (24) নামৰ যুৱকজনে পাঁচ বছৰ পূৰ্বে কৰ্মৰ সন্ধানত হায়দৰাবাদলৈ গৈছিল ।
হায়দাৰাবাদৰ এটা কোম্পানীত কৰ্মসূত্ৰে যোৱা এবছৰ ধৰি পৰিয়ালৰ লোকৰে বিচ্ছিন্ন হৈ আছে সংযোগ । যাৰ বাবে চফিকুলৰ পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিৱেশৰ । উল্লেখযোগ্য যে, পাঁচ বছৰ পূৰ্বে একেই গাঁৱৰে মেৰাজুল নামৰ যুৱক এজনে হায়দৰাবাদলৈ লৈ গৈছিল চফিকুলক । চাৰিবছৰলৈ যুৱকজনৰ লগত পৰিয়ালৰ সংযোগ চলি আছিল যদিও বিগত এবছৰে পৰিয়ালৰ লোকে যুৱকজনৰে কোনো ধৰণে সংযোগ স্থাপন কৰিব নোৱাৰাত চিন্তিত হৈ পৰিছে আত্মীয় ।
যুৱকজনৰ সন্ধান বিচাৰি ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লোকে । স্থানীয় মুকালমুৱা আৰক্ষীক সমগ্ৰ ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালৰ লোকে ।
লগতে পঢ়ক: Controversial remark of Badruddin Ajmal: এইবাৰ সংবাদ মাধ্যমৰ কেমেৰাৰ সমুখতে আজমলৰ উদ্ধতালি