thumbnail

By

Published : May 15, 2023, 6:33 PM IST

ETV Bharat / Videos

Teacher commits suicide: নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ আত্মহনন; ঘটনাক লৈ চাঞ্চল্য

নগাঁও,১৫ মে': নগাঁৱত এগৰাকী শিক্ষয়িত্ৰীৰ আত্মহত্যাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে ডিঙিত চিপ লৈ আত্মহত্যা কৰে । নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত থকা এটা PG ত চিপজৰীলৈ আত্মহত্যা কৰে শিক্ষয়িত্ৰীগৰাকীয়ে (Nagaon Kendriya Vidyalaya teacher commits suicide) । শিক্ষয়িত্ৰীগৰাকীৰ ঘৰ হাৰিয়ানাত বুলি জানিব পৰা গৈছে ।  

সোমবাৰে শিক্ষয়িত্ৰীগৰাকীৰ আত্মহত্যাৰ খবৰ লাভ কৰাৰ পিচতেই স্থানীয় ইটাচালী আৰক্ষী উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে (Nagaon teacher suicide news) । আত্মহত্যাৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও প্ৰেমজনিত কাৰণতে শিক্ষয়িত্ৰীগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে একাংশই (Teacher commits suicide) ৷  

দেওবাৰে নিশা নিজৰ বিয়া সন্দৰ্ভত পৰিয়ালৰ লোকৰ সৈতে কথাৰ কতাকটি হোৱাৰ পিচতেই শিক্ষয়িত্ৰীগৰাকীয়ে চৰম পথ বাছি লোৱা বুলি উল্লেখ কৰে আৰক্ষীয়ে । উল্লেখ্য যে ২০২০ চনৰ পৰাই উক্ত বিদ্যালয়ত শিক্ষয়িত্ৰীগৰাকীয়ে শিক্ষকতা কৰি আহিছিল । 

লগতে পঢ়ক: Road accident in Tinsukia: নেপালৰ পৰা আহিছিল বিয়া খাবলৈ; পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে পিতৃ-মাতৃ-পুত্ৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.