Nagaon Zila Divas: 190 বছৰীয়া হ'ল নগাঁও জিলা; 27 মাৰ্চত উদযাপিত হ'ব জিলা দিৱস - Nagaon DC press meet
🎬 Watch Now: Feature Video
নগাঁও, 21 মাৰ্চ: অহা 27 মাৰ্চত জিলা প্ৰশাসনৰ উদ্যোগত উদযাপিত হ'ব নগাঁও জিলা দিৱস । চলিত বৰ্ষৰ 27 মাৰ্চত 190 বছৰীয়া হ'ব নগাঁও জিলা (Nagaon district crosses 190 years) ৷ 1833 চনৰ 27 মাৰ্চত এখন পূৰ্ণাংগ জিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল নগাঁও জিলাই । বহু ঐতিহ্য বহন কৰা মধ্য অসমৰ এখন গুৰুত্বপূৰ্ণ জিলা হিচাপে বিবেচিত নগাঁও জিলাৰ ১৯০ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে নগাঁও জিলা প্ৰশাসনে (Nagaon Zila Divas celebrated 27th March) ।
প্ৰথমবাৰৰ বাবে উদযাপন কৰিবলৈ লোৱা নগাঁও জিলা দিৱস উপলক্ষে ২৭ মাৰ্চত কেবাটাও কাৰ্যসূচী হাতত লৈছে নগাঁও জিলা প্ৰশাসনে ৷ মঙলবাৰে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি নগাঁও জিলা দিৱস উদযাপনৰ বিষয়ে অৱগত কৰে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে (Nagaon Zila Divas Preparations)।
জিলা দিৱস উপলক্ষে ২৭ মাৰ্চৰ পুৱাই নগাঁও আৰক্ষী ছাউনিৰ পৰা এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ'ব নগাঁও জিলা দিৱস ৷ নগাঁৱৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সন্দৰ্ভত এক আলোচনাৰো আয়োজন কৰিছে জিলা প্ৰশাসনে ৷ ইয়াৰ উপৰিও নগাঁও জিলাক লৈ এখনি তথ্য চিত্ৰ নিৰ্মাণৰো ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে (Nagaon District Day to be celebrated on March 27)।
২৭ মাৰ্চত অনুষ্ঠিত হবলগীয়া নগাঁও জিলা দিৱস উপলক্ষে কুইজ প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতাৰ উপৰিও সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছে নগাঁও জিলা প্ৰশাসনে (Nagaon DC press meet)।
লগতে পঢ়ক:Pistol recovered : পিটনিত কোনে পেলাই থৈ গ'ল পিষ্টল ?