তিনি ৰাজ্যত চমকপ্ৰদ জয়ৰ পিচত নগাঁও বিজেপি কাৰ্যালয়তো বিজয় উৎসৱ - বিধানসভা নিৰ্বাচন 2023
🎬 Watch Now: Feature Video


Published : Dec 3, 2023, 10:15 PM IST
নগাঁও, 3 ডিচেম্বৰ : সমগ্ৰ ভাৰতৰ বিজেপিৰ কাৰ্যালয়সমূহৰ লগতে নগাঁৱৰ বিজেপিৰ মুখ্য কাৰ্যালয়তো উদযাপন কৰা হৈছে বিজয় উৎসৱ ৷ বিজয় উৎসৱত নগাঁও জিলাৰ বিজেপিৰ কৰ্মকতাসকলৰ লগতে অংশগ্ৰহণ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।
ফটকা আতচবাজী আৰু ঢোলৰ শব্দৰে মুখৰিত হৈ পৰে নগাঁও বিজেপি কাৰ্যালয় ৷ বিজেপিৰ কাৰ্যালয়ত বৰ্তমান আনন্দৰ বন্যা । বিজয় উৎসৱত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই কয়, ‘‘এয়া বিজেপিৰ জয় নহয় প্ৰতিগৰাকী ভাৰতীয়ৰ জয় ৷’’ বিধায়কগৰাকীয়ে লগতে কয় যে 2024ত পুনৰবাৰ নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব ৷
ইয়াৰোপৰি বিধায়কগৰাকীয়ে স্বভাৱসুলভভাৱেই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰে ৷ আনহাতে বিজেপিৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰে সদ্য কংগ্ৰেছত্যাগী ন-বিজেপি নেতা সুৰেশ বৰায়ো ।
লগতে পঢ়ক : মোদী হ্যে তৌ মুমকিন হ্যে; তিনি ৰাজ্যত বিজেপিৰ ফলাফলৰ পাচতে এই মন্তব্য বিধায়ক প্ৰশান্ত ফুকনৰ