thumbnail

Mysterious death of a woman: সোণাৰিত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য

By

Published : Mar 24, 2023, 7:57 AM IST

Updated : Mar 24, 2023, 8:05 AM IST

সোণাৰি, 24 মাৰ্চ : এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সোণাৰিত । সোণাৰিস্থিত জিলা চিকিৎসালয়ত মৃত্যু ঘটে অনু মুৰ্মু নামৰ মহিলা গৰাকীৰ । মুমূৰ্ষু অৱস্থাত চিকিৎসা প্ৰদানৰ বাবে চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে তেওঁক (Sonari Mysterious death news) ৷

প্ৰাপ্ত তথ্য অনুসৰি, মৃত অনু মুৰ্মু নামৰ মহিলাগৰাকীয়ে স্বামী অজিত মুৰ্মুৰ সৈতে ধন্টি বৰুৱা নামৰ এজন ব্যক্তিৰ বাগানত কৰ্মৰত হৈ আছিল । অইন দিনাৰ দৰে বৃহস্পতিবাৰেও কামলৈ আহিছিল তেওঁলোক ৷ কিন্তু বাগানৰ মাজলৈ সোমাই নগৈ বাহিৰতে দুয়ো কাজিয়াত লিপ্ত হৈছিল । চিঞৰ-বাখৰ শুনি বাকী কৰ্মীসকল ওলাই অহাত স্বামী অজিত মুৰ্মুৱে উক্ত স্থানৰ পৰা পলায়ন কৰে । আনহাতে মহিলাগৰাকী সেই সময়ত মাটিত ঢল খাই পৰি আছিল (Sonari death news) ৷

বাগিচাত কাম কৰা অন্য শ্ৰমিক সকলে অজিত মুৰ্মুক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ'ল । ইফালে ঘটনাৰ পাছতেই মহিলাগৰাকীক ততাতৈয়াকৈ সোণাৰিস্থিত জিলা চিকিৎসালয়লৈ নি ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে । বাগিচাৰ গৰাকীৰ তৎপৰতাত ইতিমধ্যে সোধ-পোচৰ বাবে অজিত মুৰ্মুক আটক কৰিছে সাপেখাতী আৰক্ষীয়ে । আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তৰ পাছত বিষাক্ত দ্ৰব্য সেৱন কৰা ফলতে মহিলা গৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । এই ঘটনাই সোণাৰিত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । 

লগতে পঢ়ক : Kaziranga National Park: কাজিৰঙা ভ্ৰমণলৈ অহা পৰ্যটকৰ অকাল মৃত্যু

Last Updated : Mar 24, 2023, 8:05 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.