thumbnail

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 1:14 PM IST

ETV Bharat / Videos

Awarness against anti-social activities: হোজাইত সমাজ বিৰোধী কাৰ্যৰ বিৰুদ্ধে কঠোৰ মুছলমান সমাজ

হোজাই,২৮ অক্টোবৰ: ৰাজ্য চৰকাৰে ড্ৰাগছ, বাল্য বিবাহৰ দৰে সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সময়তে সজাগ হৈছে ৰাজ্যৰ সাধাৰণ জনতা । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুছলমান সমাজেও এনে সমাজ বিৰোধী কাৰ্য-কলাপৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ ব্যতিক্ৰম নহয় হোজাই জিলাৰ মুছলমান সমাজো ।  

শুকুৰবাৰে মছজিদে মছজিদে গৈ গঠন কৰে ড্ৰাগছ, বাল্য বিবাহ আৰু সমাজ বিৰোধী কাৰ্যকলাপৰ আঁতৰি থকাৰ বাবে সজাগতা বৃদ্ধি কমিটি । ইতিমধ্যে শুকুৰবাৰৰ দিনটোত ১৪ মছজিদত সম্পূৰ্ণ হৈ উঠিছে কমিটি গঠন প্ৰক্ৰিয়া । ডবকাৰ কেবাটাও অঞ্চলত গ্ৰহণ কৰা  হৈছে এই সিদ্ধান্ত । ড্ৰাগছ, বাল্য বিবাহ আৰু সমাজ বিৰোধী কাৰ্য-কলাপ ৰোধ কৰাৰ বাবে মছজিদে-মছজিদে গৈ সৰ্তক কৰিছে সকলোকে ।  

এনে কাৰ্যৰ পৰা আঁতৰি নাথাকিলে তেনে লোকক কমিটিৰ নিয়ম অনুসৰি তবলিগী জাম্মাতলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । যদি কোনো লোকে সমাজ বিৰোধী কাম গোপনে চলাই থাকে এইসকল লোকক চমজাই দিয়া হ'ব আৰক্ষীক । ডবকাৰ ভেলেউগুৰিত শুকুৰবাৰে জুম্মাৰ নামাজ আদায় কৰি এইদৰে মন্তব্য কৰে নতুনকৈ গঠন কৰা কমিটিৰ লোকসকলে ।

লগতে পঢ়ক: Bamboo Bridge collapse : শীঘ্ৰে পকী দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ চিলাপথাৰবাসী ৰাইজৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.