Music School in Majuli: চামগুৰি প্ৰাথমিক বিদ্যালয়ত সংগীত শিক্ষাৰ সংযোজন - Samguri Primary School in Majuli
🎬 Watch Now: Feature Video
মাজুলী, ১২ ফেব্ৰুৱাৰী : সত্ৰনগৰী মাজুলীৰ ১৩ নং চামগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ (Samguri Primary School in Majuli) । যি সময়ত চৰকাৰী সা -সুবিধা লৈ অপেক্ষা কৰি বা চৰকাৰী সা -সুবিধাৰে বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতিয়ে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই সময়তে মাজুলীৰ ১৩ নং চামগুৰি প্ৰাথমিক বিদ্যালয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় প্ৰদক্ষেপ । ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশত পাঠ্য়পুথিৰ লগতে সংগীতৰো বিশেষ ভূমিকা আছে । সয়েহে আজিকালি এনে শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় । বিভিন্ন বিদ্য়ালয়ত সমান্তৰালভাৱে স্থাপন কৰা হৈছে সংগীত শিক্ষাৰ পাঠ্য়ক্ৰম (Music School opened in Majuli) । এনে উদ্দেশ্য়েই এই বিদ্য়ালয়খনত সংযোজন কৰা হৈছে সংগীত শিক্ষা ।
চৰকাৰী সা-সুবিধালৈ অপেক্ষা নকৰি এই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নেতৃত্বত, বিদ্যালয় আন শিক্ষক-শিক্ষয়িত্ৰী, মাতৃ গোট, বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত নিজৰ ধনেৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰম্ভ কৰিলে সংগীত শিক্ষা । ছাত্ৰ- ছাত্ৰীসকলক নিজৰ পাঠ্য পথিৰ শিক্ষাৰ বাহিৰেও সংগীত শিক্ষাৰ লগত চিনাকি কৰাই দিয়াৰ উদ্দেশ্য এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে কয় । তেওঁ পুনৰ কয় যে এই অঞ্চলটোৰ শিশুসকলক সংগীতৰ ক্ষেত্ৰত আগুৱাই নিবলৈ এনেধৰণৰ বিদ্য়ালয়ৰ প্ৰয়োজন আছে ।
যোৱা শনিবাৰে বিদ্যালয়খনত এই সংগীত শিক্ষাৰ শুভ উদ্বোধন কৰা হয় । উদ্বোধনী অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলৰ লগতে অভিভাৱক, মাতৃগোটসমুহৰ লগতে অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ এনে পদক্ষেপ গ্ৰহণ কৰা বাবে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীৰ শলাগ লৈছে । স্থানীয় ব্য়ক্তি এগৰাকীয়ে কয় যে এনে সংগীত শিক্ষণ কেন্দ্ৰই শিশুসকলৰ শিক্ষাৰ লগতে সংগীতৰ ক্ষেত্ৰতো আগুৱাই নিয়াত সহায় কৰিব । এই অঞ্চলটোৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱা বুলিও তেওঁলোকে মন্তব্য় কৰিছে ।