Shiksha Setu Portal: শিক্ষা সেঁতুত ভয়ংকৰ তথ্য; শিক্ষা বিভাগক ধিক্কাৰ দল-সংগঠনৰ - শিক্ষা বিভাগক ধিক্কাৰ দল সংগঠনৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 5:35 PM IST

যোৰহাট,২১ ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰ শিক্ষা বিভাগৰ অপৰিপক্ক শিক্ষানীতিৰ তথা ভুল নীতিৰ বাবেই শীঘ্ৰেই বন্ধ হোৱাৰ পথত ৰাজ্যৰ প্ৰায় ১১ সহস্ৰাধিক মাতৃভাষা মাধ্যমৰ বিদ্যালয় । ৰাজ্যৰ চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানত প্ৰতিবছৰে ক্ৰমান্বয়ে হ্ৰাস হ'বলৈ ধৰিছে শিক্ষাৰ্থীৰ সংখ্যা । 'শিক্ষা সেঁতু' এপৰ জৰিয়তে লাভ কৰা তথ্যত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ।  

শিক্ষা সেঁতু এপৰ তথ্য অনুসৰি ৰাজ্যৰ ৩১খন শিক্ষানুষ্ঠানত ১ জনকৈ শিক্ষাৰ্থী থকাৰ বিপৰীতে ৬৫ খন শিক্ষানুষ্ঠানত আছে মাত্ৰ দুগৰাকীকৈ ছাত্ৰ-ছাত্ৰী । অন্যহাতে ৰাজ্যৰ ১১ হাজাৰ ২ শ ৭২ খন বিদ্যালয়ত আছে ৩০ জনতকৈ অধিক কম শিক্ষাৰ্থী । এই তথ্যৰ ভিত্তিতে শিক্ষা বিভাগে শিক্ষানুষ্ঠানসমূহ বন্ধ কৰাৰ বাবে যাৱতীয় কাম আৰম্ভ কৰিছে বুলি সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে । যাৰ ফলত ৰাজ্যৰ পৰা নোহোৱা হোৱাৰ পথত ১১ সহস্ৰাধিক মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান ।  

এইদৰে মাধ্যম ব্যৱস্থাক আঘাত কৰি ৰাজ্য শিক্ষা বিভাগে গ্ৰহণ কৰা এই পদক্ষেপ ধিক্কাৰ আৰু গৰিহণা প্ৰদান কৰাৰ লগতে উক্ত বিদ্যালয়সমূহ বন্ধ কৰা পৰিৱৰ্তে উপযুক্ত আন্তঃগাঁথনি গঢ়ি তুলি কাৰ্যক্ষম কৰি তুলিবলৈ আহ্বান জনাইছে অসম উন্নতি সভা কেন্দ্ৰীয় সমিতি উপ-সভাপতি জুল খাউণ্ড আৰু যোৰহাট জিলা আছু সাধাৰণ সম্পাদক অৰ্জুন মনি ভূঞাই ।

লগতে পঢ়ক: Assam: অন্ধ্ৰপ্ৰদেশত আৱদ্ধ অসমৰ যুৱক; সহায়ৰ আহ্বান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.