thumbnail

Mising movie Bedang : মিচিং ছবি BEDANG ৰ শুভ মুহুৰত

By

Published : Jul 22, 2023, 2:25 PM IST

জোনাই, 22 জুলাই : শীঘ্ৰে ৰাজ্যত মুক্তি পাব নতুন এখন মিচিং ছবি ৷ অসমত বসবাস কৰা মিচিং জনগোষ্ঠীৰ মিচিং চিনেমা জগতে নিৰ্মাণ কৰি আহিছে এখনৰ পিচত আনখন মিচিং ছবি । ইয়াৰোপৰি প্ৰতিগৰাকী মিচিং ছবি পৰিচালকে মিচিং ছবিৰ যোগেদি সমাজলৈ সংস্কাৰ অনাৰ ভূমিকাও পালন কৰি আহিছে । প্ৰতি বছৰৰ দৰে এইবাৰো অভিনেতা জোন পাৱৰৰ পৰিকল্পনা আৰু ৰাজীৱ বঢ়িৰ পৰিচালনাত শুকুৰবাৰে জোনাইৰ লাইমেকুৰীত এখন নতুন এখন মিচিং ছবিৰ শুভ মহুৰত কৰা হয় ৷

ছবিখনৰ নাম BEDANG । মহুৰত মুকলি অনুষ্ঠানত উপস্থিত থাকে জোনাইৰ বিশিষ্ট নাগৰিক তথা ইণ্ডিয়ান বেংকৰ বিষয়া দিপাংকৰ পেগু ৷ তেওঁৱে শুভ মুহুৰত কৰে ছবিখনৰ । উল্লেখ্য যে মিচিং ছবি জগতৰ ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিবলগীয়া BEDANG নামৰ মিচিং ছবিখন অক্টোবৰ-নৱেম্বৰ মাহত মুক্তি দিয়াৰ আশা পুহি ৰাখিছে ছবিখনৰ পৰিচালকে ৷ 

লগতে পঢ়ক : Artifical flood in Guwahati : নলাৰ অব্যৱস্থাপনাৰ ফলত গুৱাহাটীত কৃত্ৰিম বান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.