Bharat Jodo Yatra in Assam : ভাৰত জোড়ো যাত্ৰাৰে কংগ্ৰেছৰ কোনো লাভ নহয়: সাংসদ তপন কুমাৰ গগৈ - ছয় জনগোষ্ঠীক জনজাতিকৰণ
🎬 Watch Now: Feature Video

‘‘ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত দীৰ্ঘদিনৰ পৰা জনগোষ্ঠীয় দল-সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ কৰি আহিছে যদিও আজি পৰ্যন্ত লাভ নকৰিলে জনজাতিৰ মৰ্যদা । দুটা দিনৰ পূৰ্বে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই অসম বন্ধ দি সাব্যস্ত কৰে প্ৰতিবাদ । ইয়াৰ পাচতে জনজাতিকৰণক লৈ মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ তপন কুমাৰ গগৈয়ে (MP Tapan Kumar Gogoi criticized Bharat Jodo Yatra)। সাংসদগৰাকীয়ে কয়, ‘‘চৰকাৰে জনজাতিৰ মৰ্যদা প্ৰদান কৰা প্ৰক্ৰিয়াটো বিবেচনা কৰি আছে । ইতিমধ্যে জনজাতি মৰ্যদা প্ৰদানৰ সমস্যা সমাধানৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিছে ৷’’ বৃহস্পতিবাৰে মৰাণত এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য প্ৰকাশ কৰে সাংসদ তপন কুমাৰ গগৈয়ে ৷ লগতে সাংসদগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰি কয়, ‘‘ভাৰত জোড়ো যাত্ৰাৰে কংগ্ৰেছৰ কোনো লাভ নহয় ৷ কংগ্ৰেছৰ দুবন্ত নাওত কোনেও ভৰি নিদিয়ে ।’’
Last Updated : Feb 3, 2023, 8:32 PM IST