Constituency Delimitation 2023: কংগ্ৰেছ দলে পত্ৰ প্ৰেৰণ কৰাত বাহাল থাকিল বটদ্ৰৱাৰ নাম: গৌৰৱ গগৈ

By

Published : Aug 12, 2023, 8:06 PM IST

thumbnail

নগাঁও,১২ আগষ্ট: সমষ্টিৰ পুনৰ নিৰ্ধাৰণক ৰাজ্যজুৰি অব্যাহত তুমূল চৰ্চা । কোনোফালে যদি আনন্দ কোনোফালে বিষাদ, আন কোনোফালে আকৌ তীব্ৰ বিৰোধিতা । ইয়াৰ মাজতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণক লৈ শনিবাৰে ৰূপহীহাটত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে । সংবাদ মাধ্যমৰ সন্মুখত গৌৰৱ গগৈয়ে আগবঢ়ালে কেইবাটাও বিস্ফোৰক মন্তব্য ।  

সমষ্টিৰ পুনৰ নিৰ্ধাৰণত বিজেপিয়ে গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাৰ নাম কৰ্তন কৰিব বিচাৰিছিল । কিন্তু কংগ্ৰেছ দলে ইয়াৰ বিৰুদ্ধে আৰম্ভ কৰিছিল গণ স্বাক্ষৰ অভিযান । বটদ্ৰৱাৰ নাম বাহাল ৰাখিবলৈ কংগ্ৰেছৰ নেতৃত্বত দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে ।  

তেওঁ কয় যে কংগ্ৰেছে পত্ৰ প্ৰেৰণ কৰাৰ বাবেহে বটদ্ৰৱাৰ নাম বাহাল ৰাখিবলৈ বাধ্য হৈছে নিৰ্বাচনী আয়োগ । যাৰ বাবে নগাঁও সদৰ সমষ্টিৰ লগত সংলগ্ন কৰি নগাঁও-বটদ্ৰৱা সমষ্টি কৰাৰ কথা উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে । 

লগতে পঢ়ক: Protest in Dibrugarh: মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিল ডিব্ৰুগড়

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.