তেজপুৰ : বিশ্ব প্ৰসিদ্ধ পানীয় চাহৰ বাবে এক সুখবৰ ৷ অতুলনীয় সোৱাদ আৰু গুণগত মানৰ বাবে ভাৰতৰ লগতে বিশ্বৰ বজাৰত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হোৱা চাহে ইতিমধ্যে লাভ কৰিছে ভৌগলিক স্বীকৃতি ৷ তাৰ মাজতেই আপোনাৰ মোৰ সকলোৰে প্ৰিয় চাহৰ বাবে আন এক উপলব্ধি ৷
আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে(FDA) জাৰি কৰিছে এক নতুন নিৰ্দেশনা ৷ ইয়াৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰই চাহক স্বাস্থ্যকৰ বুলি মোহৰ লগালে ।
উল্লেখ্য যে, তিনিদিন পূৰ্বে লোকসভাত কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী জিতিন প্ৰসাদে অসমৰ চাহ ৰাষ্ট্ৰীয় পানীয় হিচাবে ঘোষণা কৰা নহয় বুলি মন্তব্য কৰিছিল ৷ ইয়াৰ মাজতে 20 ডিচেম্বৰত আমেৰিকাই চাহক স্বাস্থ্যকৰ পানীয় হিচাবে স্বীকৃতি দিয়ে ।
এই নিৰ্দেশনাক কেন্দ্ৰ কৰি অত্যন্ত সুখী হৈছে উত্তৰ-পূব চাহ সন্থা চমুকৈ নেটাৰ (NETA) উপদেষ্টা আৰু চাহ ব’ৰ্ড ইণ্ডিয়াৰ প্ৰাক্তন উপাধ্যক্ষ বিদ্যানন্দ বৰকাকতি ৷ এই সন্দৰ্ভত বিদ্যানন্দ বৰকাকতিয়ে কয়, "এই বাতৰি লাভ কৰি আমি অত্যন্ত সুখী অনুভৱ কৰিছো ৷ কেমেলিয়া চাইনেন্সিছৰ পৰা আহৰণ কৰা চাহ আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (FDA) স্বাস্থ্যকৰ পানীয় হিচাবে স্বীকৃতি দিছে । বিশ্বজুৰি কৰা এক গৱেষণাৰ পৰা পোৱা গৈছে- চাহ খোৱাৰ ফলত হোৱা স্বাস্থ্যৰ উপকাৰিতা । চাহ এবিধ আচৰিত পানীয়, আমি ভাৰত চৰকাৰক আহ্বান জনাইছো যে চাহক স্বাস্থ্যকৰ, জীৱনশৈলী আৰু স্বাস্থ্যকৰ পানীয় হিচাপে প্ৰচাৰ কৰক ৷’’
তেওঁ আৰু কয়, ‘‘ভাৰতৰ ৰাষ্ট্ৰীয় পানীয় হিচাপে চাহক ঘোষণা কৰিবলৈ আমি ভাৰত চৰকাৰক আহ্বান জনাই আহিছো । লাখ লাখ ভাৰতীয়ৰ প্ৰিয় এই চাহ । ভাৰতে চাহ খায়ে দিনটোৰ নিত্যনৈমিতিক কাম কৰিব লয়, আলহীক চাহ খুৱাই আদৰ-সৎকাৰ কৰে ৷ লগতে মনোৰঞ্জন বা স্ফূৰ্তিৰ সময়খিনিও চাহ খায়ে সকলোৱে উদযাপন কৰে ৷ চাহৰ সৈতে এটা নতুন চিন্তা আৰু সৃষ্টিৰ আৰম্ভ হয় ৷ মনৰ দোষ নাইকিয়া কৰিবলৈ এই চাহ খাই অধিকাংশই শক্তি গোটায় ৷ মানুহে চাহৰ সৈতে কাম কৰে আৰু চাহৰ সৈতে সপোন দেখে । দুখীয়াৰ পৰা ধনীলৈকে- সকলোৰে বাবে চাহ সাধাৰণ পানীয়, তেনেস্থলত কেন্দ্ৰীয় চৰকাৰে চাহক স্বাস্থ্যকৰ পানীয় আৰু লগতে ৰাষ্ট্ৰীয় পানীয় হিচাবে ঘোষণা নকৰাতো দুৰ্ভাগ্যজনক ।’’
বৰকাকতিয়ে পুনৰ কয়, "পৃথিৱীৰ মাত্ৰ দুখন ঠাই য'ত চাহৰ উৎপত্তি হৈছিল - ভাৰতৰ অসম আৰু চীনত । সেয়েহে চাহ ভাৰতৰ থলুৱা পানীয় । চাহে ভাৰতৰ ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰিবলৈ সকলো পৰিমাপক যোগ্যতা অৰ্জন কৰে । আমি পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো যে বাণিজ্য সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ পৰামৰ্শসমূহ পুনৰ চোৱাচিতা কৰি এই সন্দৰ্ভত বিবেচনা কৰক ।’’
আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (FDA) চৰকাৰীভাৱে লোৱা এই পদক্ষেপ আমেৰিকাৰ চাহ এছ’চিয়েছনৰ সভাপতি পিটাৰ এফ গগিয়ে তেওঁৰ নিজৰ সামাজিক মাধ্যমত লিখে, "মই এই কথাত একমত যে চাহ কেমেলিয়া চাইনেন্সিছ উদ্ভিদৰ পৰা আহৰণ কৰা হয় । উদাহৰণস্বৰূপে, গ্ৰীণ টি কিছুমান বিশেষ কৰ্কট ৰোগৰ বাবে উত্তম ৷ এই গ্ৰীণ টি সু-স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় ৷ এই কথা আমি পূৰ্বে স্বীকাৰ কৰিছিলো যে গ্ৰীণ টি কেমেলিয়া চাইনেন্সিছৰ পৰা তৈয়াৰ কৰা হয় ।’’
FDA-এ উল্লেখ কৰা মতে, "বনৌষধিৰ ইনফিউজনসমূহ অনিৰ্দিষ্ট আৰু বহল পৰিসৰৰ উদ্ভিদ আৰু উদ্ভিদৰ অংশৰ পৰা আহৰণ কৰা হয় ৷ লগতে ইয়াত মিশ্ৰণো অন্তৰ্ভুক্ত কৰা হয় ৷ এই বিশাল শ্ৰেণীৰ পানীয়সমূহে একক আৰু নামহীন উদ্ভিদ আৰু উদ্ভিদৰ অংশৰ এক সংমিশ্ৰণে গ্ৰাহকসকলক স্বাস্থ্যসন্মত খাদ্যাভ্যাস বজাই ৰখাত সহায় কৰিব পাৰে ।’’
ভাৰতৰ দৰে আমেৰিকাতো চাহৰ প্ৰচলন আছে বুলি বিদ্যানন্দ বৰকাকতি কয় ৷ তেওঁ কয়, "১৫.৯ কোটিতকৈ অধিক আমেৰিকান লোকে প্ৰতিদিনে চাহ খায় । ২০২১ চনত আমেৰিকানসকলে প্ৰায় ৮৫ বিলিয়ন লোকে চাহ সেৱন কৰিছিল । আমেৰিকাত ক’লা চাহ (Black Tea)আটাইতকৈ জনপ্ৰিয় ৷ চাহ সেৱন কৰা সকলো চাহৰ ভিতৰত প্ৰায় ৮৪% লোকে ক’লা চাহ (Black Tea) সেৱন কৰে । আনহাতে গ্ৰীণ টি-ও জনপ্ৰিয় ৷ ইয়াক প্ৰায় ১৫% লোকে পছন্দ কৰে । আমেৰিকাৰ প্ৰায় ৮০% ৰ ঘৰতে পোৱা যায় এই স্বাস্থ্যকৰ পানীয় চাহ ৷’’