বিদ্যুৎস্পৃষ্ট হৈ ডিব্ৰুগড়ৰ পাৰলিগুৰিত এটা বন্যহস্তীৰ মৃত্যু - ELEPHANT DIES OF ELECTROCUTION

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : 6 hours ago

ডিব্ৰুগড় : অসমত বন্যহস্তী আৰু মানুহৰ সংঘাতৰ সমস্যা দীৰ্ঘদিনৰ পৰা চলি আহিছে । ৰাজ্য চৰকাৰৰ বন বিভাগে হাতী-মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও এই সমস্যা সমাধানৰ পথ ওলোৱা নাই । ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত বন্যহস্তীয়ে বনাঞ্চলৰ দাঁতি কাষৰীয়া ৰাইজৰ ঘৰ-দুৱাৰ ভঙাৰ লগতে বৰ্তমান পথাৰৰ পকা ধান খাই তহিলং কৰিছে । তেনে সময়ত ডিব্ৰুগড়ৰ মধুপুৰ পাৰলিগুৰিত সংঘটিত হৈছে এক কৰুণ ঘটনা ।

ডিব্ৰুগড়ৰ মধুপুৰ পাৰলিগুৰিত বিদ্যুৎস্পৃষ্ট  হৈ এটা বনৰীয়া হাতীৰ মৃত্যু হয় । জানিব পৰা  মতে, মেডেলা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহে এটা হাতীৰ জাক ৷ তেনে সময়তে পথাৰৰ মাজেৰে যোৱা উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰত লাগি পুৱতি নিশা এটা প্ৰকাণ্ড হাতীৰ মৃত্যু হয় ৷ এই খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হৈ ঘটনাৰ বুজ লয় । প্ৰাথমিক তদন্তত বিদ্যুৎস্পৃষ্ট  হোৱাৰ ফলতে হাতীটোৰ মৃত্যু হোৱা বুলি অনুমান কৰিছে বন বিভাগৰ লোকে ৷

লগতে পঢ়ক : যেন আঁতৰি গ'ল গোবিন্দ বাহাদুৰৰ পৰিয়ালৰ কোনোবাজন ! 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.