ETV Bharat / state

ক্লাৰ্কৰ পৰা সহকাৰী কমাণ্ডেণ্টৰ পদত অধিষ্ঠিত এজন অসমীয়া যুৱক - ASSAM YOUTH SUCCESS

অসম ৰাইফলছৰ সহকাৰী কমাণ্ডেন্ট হিচাপে নিযুক্তি লাভ কৰিছে অপূৰ্ব চেতিয়া । ২০০৮ বৰ্ষত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছতে অসম ৰাইফলছত যোগদান কৰিছিল ।

Indian Military Academy
ক্লাৰ্কৰ পৰা সহকাৰী কমাণ্ডেণ্টৰ পদত অধিষ্ঠিত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2024, 6:01 PM IST

শিৱসাগৰ : কষ্ট কৰিলেহে ৰত্ন মিলে । ধৈৰ্য ধৰি আগবাঢ়িলে সকলো কামতেই সাফল্য় অৰ্জন কৰিব পাৰি । পৰিশ্ৰমৰ লগতে মেধা সম্পন্ন হ'লে সাফল্য়ৰ পথত এখোজ দুখোজ কৈ শীৰ্ষস্থানত উপনীত হ'ব পাৰে । এনেকৈয়ে শিৱসাগৰৰ যুৱক এজনে অৰ্জন কৰিলে তেনে সাফল্য়ই । ক্লাৰ্কৰ পৰা সহকাৰী কমাণ্ডেণ্টৰ পদত অধিষ্ঠিত হোৱা যৱকজন হৈছে অপূৰ্ব চেতিয়া ।

অপৰিসীম শ্ৰম আৰু মেধাৰে জিলিকি উঠা অসম সন্তানগৰাকী ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰী একাডেমী পৰা সেনা বিষয়াৰ প্ৰশিক্ষণ সামৰি সহকাৰী কমাণ্ডেণ্ট পদত নিযুক্ত হৈছে । ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ এছ চি অ'-৫৩ এণ্ড ১৫৫ ৰেগুলাৰ বেটছত উত্তীৰ্ণ শিৱসাগৰৰ বেতবাৰী বোকাবিল গাঁৱৰ যুৱক অপূৰ্ব চেতিয়াই অসম ৰাইফলছৰ সহকাৰী কমাণ্ডেণ্ট হিচাপে মণিপুৰত নিযুক্তি লাভ কৰিছে ।

ক্লাৰ্কৰ পৰা সহকাৰী কমাণ্ডেণ্টৰ পদত অধিষ্ঠিত (ETV Bharat Assam)

উল্লেখ্য যে বেতবাৰী বোকাবিলৰ প্রয়াত চিনাৰাম চেতিয়া আৰু জিনু চেতিয়াৰ পুত্ৰ অপূর্ব চেতিয়াই হাবিলদাৰ ক্লার্ক হিচাপে হিচাপে ২০০৮ বৰ্ষত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছতে অসম ৰাইফলছত যোগদান কৰিছিল । মণিপুৰত কৰ্মৰত সময়তে যুৱকজনে নিজৰ উচ্চ শিক্ষাৰ সপোনক বাস্তৱত ৰূপায়িত কৰাৰ বাবে চেষ্টা আৰু পৰিশ্ৰম কৰিছিল । অসম ৰাইফলছৰ জোৱান হিচাপে স্নাতক আৰু লোক প্রশাসন বিষয়ত স্নাতকোত্তৰ ডিগ্রী লোৱা অপূর্ব চেতিয়াই পিছত ইণ্ডিয়ান মিলিটেৰী একাডেমীত প্ৰশিক্ষণৰ বাবে নির্বাচিত হৈছিল ।

দেশৰ অন্যতম পুৰণি সেনা বিষয়াৰ প্ৰশিক্ষণ প্রতিষ্ঠানত ২০২৩ বৰ্ষৰ পৰা এবছৰীয়া প্রশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰা অপূৰ্ব শিৱসাগৰ কেন্দ্রীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল । অপূর্বই প্ৰমাণ কৰি দেখুৱাইছে ইচ্ছা থাকিলে বিচৰা পথত যিকোনো মানুহেই সফলতা লাভ কৰিব পাৰে । মাথোঁ লাগে একাগ্ৰতা,আত্মবিশ্বাস আৰু পৰিশ্ৰম কৰাৰ মন ।

লগতে পঢ়ক:ড৹ শশাংক প্ৰতিম শাণ্ডিল্যলৈ ৰয়েল এণ্টম’ল’জিকেল ছ'চাইটিৰ ফেল' - SCIENTIST SHASHANK PRATIM SHANDILYA

মাজুলীত প্ৰাক্তন আলফা কেডাৰৰ কৃষি বিপ্লৱ - EX ULFA AGRICULTURAL REVOLUTION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.