ETV Bharat / state

সাহসেই সফলতাৰ মূল; পখৰাজ আৰু গৌৰৱে দেখুৱাইছে স্বাৱলম্বিতাৰ বাট - SELF RELIANT STORY OF DULIAJAN

বহিঃৰাজ্যৰ চাকৰি এৰি কণী উৎপাদনত ব্যস্ত হৈছে দুলীয়াজানৰ দুই যুৱক । প্ৰতিদিনে ৫ হাজৰ কণী উৎপাদন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে ।

Two youths of Duliajan become self-sufficient by selling advanced varieties of eggs
কণী বিক্ৰী কৰি বুলিছে স্বাৱলম্বিতাৰ বাট (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2024, 6:48 PM IST

মৰাণ: বহিঃৰাজ্যৰ পৰা প্ৰতিদিনেই অসমৰ বজাৰলৈ অহা কণী আমি ৭ ৰ পৰা ৯ টকাৰ দৰত ক্ৰয় কৰি খাই আহিছো ৷ সাধাৰণভাৱে কণী প্ৰায় প্ৰতিঘৰ মানুহৰেই পাকঘৰত নিতৌ উপলব্ধ এক খাদ্য সামগ্ৰী হৈ আহিছে । কেক, বিস্কুট আদি প্ৰস্তুতৰ বাবেও বহিঃৰাজ্যৰ কণীয়ে অসমৰ বজাৰ দখল কৰি আহিছে । ফলত কণীৰ বাবেই অসমৰ বজাৰৰ অৰ্থনীতিৰ এটা বৃহৎ লাভাংশ বহিঃৰাজ্যলৈ প্ৰতিদিনেই ওলাই গৈছে ।

বৰ্তমান সময়ত অসমতেই বিজ্ঞানসন্মতভাৱে কণী উৎপাদন কৰি অসমৰ অৰ্থনীতিৰ ভেটি টনকিয়াল কৰিব পৰা অতি সুন্দৰ পৰিৱেশ আৰম্ভ হৈছে । বহিঃৰাজ্যৰ চাকৰি এৰি কণী উৎপাদনত ব্যস্ত হৈছে দুলীয়াজানৰ দুই যুৱক । বহিঃৰাজ্যৰ চাকৰি এৰি পখৰাজ বৰদলৈ আৰু গৌৰৱ কুমাৰ সাউদে কণী উৎপাদনেৰে দুলীয়াজানত আন বহুজনৰ বাবে উলিয়াইছে সংস্থাপনৰ বাট ।

কণী বিক্ৰী কৰি বুলিছে স্বাৱলম্বিতাৰ বাট (ETV Bharat Assam)

সৰুৰে পৰা একেলগে পঢ়া-শুনা কৰিছিল দুই বন্ধু পখৰাজ বৰদলৈ আৰু গৌৰৱ কুমাৰ সাউদে । পঢ়া সামৰি পখৰাজ বৰদলৈয়ে বেংগালুৰুত মাৰ্কেট ৰিছাৰ্চ বিষয়া হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল । আনজন বন্ধু গৌৰৱ কুমাৰ সাউদে দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত এটা ম'বাইল কোম্পানীৰ ফিল্ড মেনেজাৰ হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল । কেইবাটাও বছৰ এইদৰে চাকৰি কৰি দুই বন্ধুৱে জন্ম ঠাইত থাকি কিবা এটা কৰাৰ পৰিকল্পনা কৰিলে । আৰু দুই বন্ধুৱে বহিঃৰাজ্যৰ চাকৰি এৰি ঘুৰি আহিল দুলীয়াজানলৈ । সাহসেৰে সুপৰিকল্পিতভাৱে আৰম্ভ কৰিলে কণী উৎপাদনৰ বাবে ফাৰ্ম ।

দুই বন্ধুৱে ৰাইনো নামেৰে জন্ম ঠাইতেই আৰম্ভ কৰিলে কণী উৎপাদনৰ ফাৰ্ম :

বহিঃৰাজ্যৰ চাকৰি এৰি পখৰাজ বৰদলৈ আৰু গৌৰৱ কুমাৰ সাউদে চাকৰি কৰা সঞ্চিত ধনেৰে দুলীয়াজানৰ মাধপুৰ তিনিআলিৰ সমীপত এখন কুকুৰা কণী উৎপাদনৰ ফাৰ্ম আৰম্ভ কৰিলে । ২০২১ চনতে বহিঃ ৰাজ্যৰ চাকৰি এৰি ঘৰলৈ ঘূৰি আহি স্বাৱলম্বী হোৱাৰ সংকল্প লৈ দুই বন্ধুৱে নিজাৰ খৰচত ফাৰ্মৰ সকলো আন্তঃগাঁঠনি নিৰ্মাণত ব্যস্ত হ'ল । দুইজনে বিজ্ঞান সন্মত কণী উৎপাদনৰ বাবে ল'লে প্ৰশিক্ষণ ।

দুই বন্ধুৱে হাতত হাত ধৰি আৰম্ভ কৰিলে এক নতুন যাত্ৰা । ফাৰ্মৰ ব্যস্ততা বাঢ়িল । দিনটোৰ বেছি সময় ফাৰ্মতে দুই বন্ধুৱে অতিবাহিত কৰিব লগা হ'ল । ফলত আজিৰ দিনত দুই বন্ধুৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

ৰাইনো ফাৰ্মত প্ৰতিদিনে উৎপাদিত হৈছে ৫ হাজৰৰো অধিক কণী :

সৰুৰে পৰা একেলগে পঢ়া-শুনা কৰা দুই বন্ধুৱে আৰম্ভ কৰা উন্নত জাতৰ লেয়াৰ মুৰ্গীৰ ফাৰ্মত কণী বিচাৰি পুৱা আবেলি ৰাইজৰ ভিৰ । ফাৰ্ম খনত ৬০০০ BV300 নামৰ উন্নত প্ৰজাতিৰ লেয়াৰ মুৰ্গী আছে যদিও দৈনিক ৫৩০০ৰ পৰা ৫৫০০ কণী উৎপাদন হয় বুলি জানিবলৈ দিছে দুই উদ্যমী যুৱকে । কণীৰ উৎপাদন আৰম্ভ হোৱাৰ লগে লগে ফাৰ্মখনত স্থানীয়ভাৱে ৭ গৰাকী পুৰুষ-মহিলাই কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে ।

স্থানীয়ভাৱে আৰম্ভ হৈছে কণীৰ এখন বজাৰ :

প্ৰতিদিনে বহিঃৰাজ্যৰ লাখ লাখ কণী অসমৰ বজাৰলৈ উলিয়াই দি বহিঃৰাজ্যৰ কোম্পানীয়ে বজাৰ দখল কৰি থকা সময়ত ডিব্ৰুগড় জিলাৰ নামৰূপ, চাবুৱা, নাহৰকটীয়া, টেঙাখাত, টিংৰাই চাৰিআলি, ভাদৈ পাঁচআলি আৰু দুলীয়াজানৰ বজাৰ দখল কৰিছে দুই বন্ধুৱে । বহিঃ ৰাজ্যৰ পৰা অহা কণীৰ তুলনাত স্থানীয়ভাৱে উৎপাদিত এই কণীসমূহে সহজে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । ৰাইজেও স্থানীয় ভাৱে উৎপাদিত কণী বিচাৰি দোকানত ভিৰ কৰা বুলি জানিবলৈ দিছে দুয়োজন উদ্যমী যুৱকে ।

নতুন প্ৰজন্মক কণী উৎপাদনৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান:

অসমত কণী স্থানীয়ভাৱে উৎপাদন নহয় । অসমৰ মানুহে সদায় বহিঃৰাজ্যৰ পৰা অহা কণী ক্ৰয় কৰি আহিছে সেয়ে কণী উৎপাদনৰ ফাৰ্ম আৰম্ভ কৰাৰ চিন্তা কৰিলো বুলি জানিবলৈ দিয়ে পখৰাজ বৰদলৈয়ে । লগতে তেওঁ কয়, "আমাৰ কণী ৰাইজে যেনেদৰে বিচাৰিছে সেইদৰে আমি কণী বজাৰত দিব পৰা নাই সেয়ে নতুন প্ৰজন্মক কণী উৎপাদনৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ । চৰকাৰী চাকৰিৰ পাছত দৌৰি থকাতকৈ কণী উৎপাদনৰ ফাৰ্ম আৰম্ভ কৰিলেও স্বাৱলম্বী হোৱাৰ লগতে আন কেইবাজনকো সংস্থাপন দিব পাৰিব ।’’

লগতে পঢ়ক: চাৰি দশকৰ পাছত ৰাইজৰ বাবে আহিল যোগাযোগৰ এক নতুন সুবিধা - HELICOPTER SERVICE

ড৹ শশাংক প্ৰতিম শাণ্ডিল্যলৈ ৰয়েল এণ্টম’ল’জিকেল ছ'চাইটিৰ ফেল' - SCIENTIST SHASHANK PRATIM SHANDILYA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.