Nalbari Hari mandir Election: জানি বুজি ৰণক্ষেত্ৰৰ পৰা পলায়ন অখিল গগৈৰ; দিলীপ শইকীয়া

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 5:56 PM IST

thumbnail

নলবাৰী, 29 অক্টোবৰ: দেওবাৰে নলবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰৰ পৰিচালনা সমিতিৰ নিৰ্বাচন অনুষ্ঠিত হয় ৷ গণতান্ত্ৰিক পদ্ধতিৰে পুৱাৰে পৰা আৰম্ভ হৈছে হৰিমন্দিৰৰ পৰিচালনা সমিতিৰ বাবে ভোটদান প্ৰক্ৰিয়া । দেওবাৰে অনুষ্ঠিত হোৱা ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰৰ পৰিচালনা সমিতিৰ নিৰ্বাচনত ভোটধিকাৰ সাব্যস্ত কৰিলে সাংসদ দিলীপ শইকীয়াই ।

ভোট প্ৰদান কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিৰোধী ঐক্য মঞ্চক সমালোচনা কৰে সাংসদ শইকীয়াই । বিশেষকৈ বিধায়ক অখিল গগৈক কটাক্ষ কৰি সাংসদ শইকীয়াই কয়, ‘‘ৰণ হোৱাৰ পূৰ্বে ৰণক্ষেত্ৰৰ পৰা পালয়ন কৰি বিধায়ক অখিল গগৈয়ে ভাল কাম কৰিছে ৷ কাৰণ তেওঁ নিজে জানে যে আগন্তুক নিৰ্বাচনত জিকিব নোৱাৰে ৷’’

তেওঁ কয় যে, সকলো ৰাজনৈতিক দল একত্ৰিত হ’লে যদি ৰাইজে তেওঁলোকক ভোট দিব বুলি ভাবিছে তেতিয়া হ’লে ভুল ভাবিছে ৷ কাৰণ ৰাইজেহে ভোট দিব ৷

লগতে পঢ়ক:Cycle Distribution program: মুকালমুৱাত ছাত্র-ছাত্ৰীক চাইকেল বিতৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.