thumbnail

By

Published : Aug 6, 2023, 11:47 AM IST

ETV Bharat / Videos

Rangia collage foundation day: ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত সাংসদ ভূৱনেশ্বৰ কলিতা

ৰঙিয়া, ৬ আগষ্ট : শনিবাৰে অসমৰ কামৰূপ জিলাৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস । ১৯৬৩ চনত স্থাপন হোৱা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয়খনত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হয় । দিনটোৰ কাৰ্যসূচীৰ আৰম্ভণি বন্তি প্ৰজ্বলনেৰে কৰা হয় । বন্তি প্ৰজ্বলন কৰে ৰঙিয়া মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই ।

তাৰ পিচত পতাকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ব্ৰজেন্দ্ৰ শইকীয়াই । প্ৰতিষ্ঠা দিৱসৰ দিনাখনেই মহাবিদ্যালয়খনৰ নৱনিৰ্মিত অধ্যক্ষৰ আবাস তথা অতিথিশালা দ্বাৰো উন্মোচন কৰা হয় । মাংগচৰণেৰে ভৱনটোৰ দ্বাৰ উন্মোচন কৰে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই ।

ইয়াৰ উপৰিও একেদিনাই মহাবিদ্যালয়খনৰ এম এল টি বিভাগৰ লেবৰেটৰিৰ দ্বাৰ উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই । এই অনুষ্ঠানটোত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সভাপতি তথা ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা আৰু উপ সভাপতি প্ৰকাশ ডেকাৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত থাকে ।

লগতে পঢ়ক : Accident at Chabua : চাবুৱাত ভয়ংকৰ দুৰ্ঘটনা, মালবাহী ৰে’লৰ খুন্দাত আহত এজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.