Mourning Day observed: হোজাইত শোক দিৱস পালন

By

Published : Aug 16, 2023, 5:52 PM IST

thumbnail

হোজাই,১৬ আগষ্ট: বুধবাৰে হোজাই মহকুমাৰ লংকা পৌৰসভাৰ কাৰ্যালয়ত পৌৰ নেত্ৰীকে ধৰি ১১ টা ৱাৰ্ডৰ বাৰ্ড সদস্যসকল একগোট হৈ শোক দিৱস পালন কৰে । উল্লেখ যে, ২০০৪ চনত ধেমাজিত ১৫ আগষ্টৰ দিনটোত স্বাধীনতা দিৱসৰ কাৰ্যসূচী চলি আছিল আৰু ঠিক তেনে সময়তেই কুটাঘাতকাৰীৰ বোমা বিস্ফোৰণত নিহত হৈছিল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসহ বহু সাধাৰণ জনতা । 

নিথৰ হৈ পৰি লৈছিল বহু কেইগৰাকী নিৰীহৰ দেহ । উক্ত দিনটোত মৃত্যুক আঁকোৱালি লোৱা লোকসকলৰ আত্মাৰ সদগতি কামনা কৰি উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি লংকা পৌৰসভাতো শোক দিৱস পালন কৰাৰ লগতে এক মিনিট মৌন প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয় । লগতে কিছু শপত বাক্যও পাঠ কৰে পৌৰসভাৰ সদস্যসকলে । 

লগতে পঢ়ক: Bullet to Assam Police: NRLৰ তৰফৰ পৰা তিনিচুকীয়া আৰক্ষীক বুলেট প্ৰদান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.