Missing case: 5 দিন ধৰি 7 বছৰীয়া কন্যাসহ নিখোজ মাতৃ - স্বামী ইনতাজ আলী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-08-2023/640-480-19328564-thumbnail-16x9-vbh.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 22, 2023, 4:46 PM IST
মাণিকপুৰ, 22 আগষ্ট : ৰাজ্যত পুনৰ বোৱাৰী নিখোঁজ হোৱাৰ ঘটনা সংঘটিত হৈছে ৷ 7 বছৰীয়া কন্যাসহ নিখোঁজ হৈ আছে মাতৃ ৷ এই ঘটনা বঙাইগাঁও জিলাৰ 1 নং ছালাবিলাত সংঘটিত হৈছে ৷
ঘটনাৰ বিবৰণী অনুসৰি, যোৱা 18 আগষ্ট তাৰিখে স্বামীগৃহৰ পৰা 10.30 বজাত 7 বছৰীয়া কন্যাক লৈ তছলিমা খাতুন নামৰ মহিলাগৰাকী নিৰুদ্দেশ হয়। স্বামীয়ে বজাৰলৈ যোৱাৰ পিচতে মহিলাগৰাকীয়ে কন্যাক লৈ নিজ মাকৰ ঘৰলৈ যোৱাৰ কথা কৈ ঘৰৰ পৰা ওলাই গৈছিল ৷ ইয়াৰ পিচতে আজি পৰ্যন্ত নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী আৰু কন্যা ।
মহিলাগৰাকীৰ গাৰ বৰণ বগা, চুলি দীঘল আৰু তেওঁ পিন্ধনত এখন শাৰী পৰিধান কৰি আছিল ৷ মহিলাগৰাকীয়ে লগত সকলো প্ৰয়োজনীয় নথি-পত্ৰ, চৰকাৰী ঘৰৰ বাবদ পোৱা 50 হাজাৰ টকা লৈ যায়। ইতিমধ্যে পৰিয়ালৰ লোকে মহিলাগৰাকীসহ কন্যাক বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিছে যদিও এতিয়ালৈকে কোনো সন্ধান লাভ কৰা নাই ৷
ঘটনা সন্দৰ্ভত ইতিমধ্যে মাণিকপুৰ আৰক্ষী চকীত এজেহাৰ দাখিল কৰিছে নিৰুদ্দিষ্ট মহিলাৰ স্বামী ইনতাজ আলীয়ে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কনো শুংসূত্ৰ উলিয়াব পৰা নাই। যদি কোনো ব্যক্তিয়ে নিৰুদ্দিষ্ট মাতৃ-কন্যাৰ সন্ধান পায় তেন্তে এই নম্বৰত 8638386600 যোগাযোগ কৰিবলৈ নাইবা মাণিকপুৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
লগতে পঢ়ক: Maligaon flyover accident : মালিগাঁৱৰ উৰণ সেঁতুত বিদ্যুৎস্পৃষ্ট দুই শ্ৰমিক