Death over Child Marriage: বাল্যবিবাহৰ অপৰাধত পুত্ৰক জেললৈ নিয়াৰ বাবেই মাতৃৰ আত্মহনন - বাল্যবিবাহৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 14, 2023, 8:28 PM IST

ডিফু, 14 ফেব্ৰুৱাৰী: ৰাজ্যজুৰি অব্যাহত আছে বাল্যবিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰতৰ অভিযান ৷ শেহতীয়াকৈ বাল্যবিবাহৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM against child marriage) ৷ বাল্যবিবাহৰ লগত জড়িত থকা প্ৰতিজন লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া নিৰ্দেশৰ পিচতেই অসম আৰক্ষীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰাই বাল্যবিবাহৰ লগত জড়িত থকা বেআইনী স্বামীকে ধৰি পৰিয়ালৰ লোক, পুৰোহিত, পূজাৰী, মৌলবী আৰু কাজিক আটক কৰিছে (Child marriage in Assam) ৷

বাল্যবিবাহৰ লগত জড়িত থকা লোকক আটক কৰাৰ পিচতেই ৰাজ্যজুৰি সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ (Assam Crackdown Against Child Marriage) ৷ ক’ৰবাত যদি আৰক্ষী চকীৰ সমুখত স্বামীক বিচাৰি হাহাকাৰ কৰিছে পত্নীয়ে, আন ক’ৰবাত আকৌ বাল্যবিবাহক কেন্দ্ৰ কৰি মৃত্যুক সাৱটি লোৱাৰ ঘটনাও পোহৰলৈ আহিছে ৷ তেনে এক ঘটনাই এইবাৰ পুনৰ সংঘটিত হৈছে কাৰ্বি আংলঙত ৷ 

বাল্যবিবাহক কেন্দ্ৰ কৰি আজি কাৰ্বি আংলঙত সংঘটিত হৈছে আত্মহত্যাৰ ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি, মাঞ্জা ২ নং জাৰি টেৰণ গাঁৱৰ সমীপৰ ৰংবং পথাৰ গোৰ্খা গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ বাল্যবিবাহৰ অপৰাধত ৰাহুল ছেত্ৰীৰ বিৰুদ্ধে মাঞ্জা থানাত ১৩/২০২৩ ত ৰুজু হৈছিল এটা গোচৰ ৷ এই গোচৰৰ ভিত্তিতেই  যোৱা 4 ফেব্ৰুৱাৰীত পুত্ৰ ৰাহুল ছেত্ৰীক আটক কৰিছিল আৰক্ষীয়ে ৷ পুত্ৰত ৰাহুল ছেত্ৰীক আটক কৰাৰ পিচতেই শোকত ভাঙি পৰিছিল ৬৫ বছৰীয়া বৃদ্ধা মাতৃ ৰাধিকা মায়া ছেত্ৰী (Operation against Child marriage In Assam) ৷  

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি পুত্ৰৰ জামিনৰ বাবে আৰক্ষী থানাত কেইবাবাৰো গৈছিল মাতৃ কিন্তু ৰাহুল ছেত্ৰীৰ জামিনৰ বাবে উকিলে বিচাৰিছিল ৫০ হাজাৰ টকা ৷ কিন্তু এই ধন দিবলৈ অপৰাগ আছিল দৰিদ্ৰ পৰিয়ালটো ৷ ইফালে ৰাহুল ছেত্ৰীক মাঞ্জা আৰক্ষীয়ে পকচ'(POCSO) আইনত গ্ৰেপ্তাৰ কৰিছিল ৷ সেয়াহে ৰাহুলৰ জামিন নোপোৱাটো এক প্ৰকাৰে অনিশ্চিত হৈ পৰিছিল ৷ 

অৱশেষত বহুত চেষ্টা কৰিও পুত্ৰক ঘুৰাই আনিব নোৱাৰাত মানসিক চাপত আৰু অধিক ভাঙি পৰিছিল বৃদ্ধা মাতৃগৰাকীয়ে ৷ অৱশেষত বৃদ্ধা মাতৃগৰাকীয়ে ল’লে এক চৰম সিদ্ধান্ত ৷ বৃদ্ধা মাতৃগৰাকীয়ে বাছি লয় আত্মহননৰ পথ ৷ আজি বিয়লি ৩ মান বজাত নিজ বাসগৃহতে মাতৃ ৰাধিকা মায়া ছেত্ৰীয়ে আত্মহত্যা কৰে ৷

ইফালে বৃদ্ধাগৰাকীৰ মৃত্যুৰ পিচতে এক অনাকাংশিত পৰিৱেশৰ সৃষ্টি হৈছে পৰিয়ালবৰ্গৰ মাজত (Death Incident in Child Marriage Operation in Manja) ৷ ৰাধিকা মায়া ছেত্ৰীৰ মৃত্যুৰ বাবে পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিছে পৰিয়ালৰ লোকে ৷ সেয়াহে অতি শীঘ্ৰেই  ৰাহুল ছেত্ৰীক মুক্ত কৰি দিবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই ৷

লগতে পঢ়ক: Child Marriage Crackdown: চাৰি সহস্ৰাধিক বাল্যবিবাহৰ গোচৰত ৩০১৫ জনক গ্ৰেপ্তাৰ; একাংশৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.