thumbnail

By

Published : Mar 6, 2023, 10:46 PM IST

ETV Bharat / Videos

Mother attacked by drugs peddler: নগাঁৱত মাতৃক আক্ৰমণ ড্ৰাগছ ব্যৱসায়ী পুত্ৰৰ

নগাঁও, 6 মাৰ্চ : ৰাজ্যৰ আন আন স্থানৰ লগতে নগাঁৱতো চলিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । ড্ৰাগছৰ কবলত পৰি নিজ মাতৃক আক্ৰমণ কৰাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে নগাঁৱত । ড্ৰাগছৰ ব্যৱসায়ত বাধা দিয়াৰ বাবেই পুত্ৰই আক্ৰমণ কৰিলে মাতৃক (Anti drugs mission in Assam) ।

নগাঁৱৰ জুৰীয়াৰ পূব চতিয়ানৰ কুলচুম বিবি নামৰ মাতৃ গৰাকীয়ে নিজ পুত্ৰ চফিকুল ইছলাম, নজৰুল ইছলাম আৰু বোৱাৰীক ড্ৰাগছ বিক্ৰীত প্ৰদান কৰি আহিছিল বাধা । ড্ৰাগছৰ বিক্ৰী বন্ধ কৰিবলৈ কোৱাৰ বাবেই মাতৃ কুলচুম বিবি আৰু জ্যেষ্ঠ ভাতৃ ফৈজুল ইছলামৰ লগতে ফৈজুলৰ পত্নীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে জ্যেষ্ঠ ভাতৃ ফৈজুলে । আনহাতে ড্ৰাগছ ব্যৱসায়ী পুত্ৰ নজৰুল ইছলাম আৰু তেওঁৰ পত্নীয়ে আন দুজন সহযোগীৰ সৈতে মাতৃৰ বাসগৃহ ভাঙি পেলোৱাৰো অভিযোগ উত্থাপন হৈছে (Mother attacked by drugs peddler ) ।  

লগতে পঢ়ক : Huge Quantity of Drugs seized: প্ৰায় 20 কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পিতা পুত্ৰ

ড্ৰাগছ ব্যৱসায়ী পুত্ৰৰ অত্যাচাৰত অতিষ্ঠ হৈ মাতৃ কুলচুম বিবিয়ে নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত ড্ৰাগছ ব্যৱসায়ত জড়িত পুত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । আৰক্ষীক এজাহাৰ দাখিল কৰাৰ বাবে মাতৃৰ লগতে জ্যেষ্ঠ ভাতৃ ফৈজুল আৰু ফৈজুলৰ পত্নীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰো চাঞ্চল্যকৰ অভিযোগ উঠিছে ড্ৰাগছ ব্যৱসায়ী পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে । প্ৰাণৰ মমতাত বৰ্তমান মাতৃ কুলচুম বিবি আৰু জ্যেষ্ঠ ভাতৃ ফৈজুল ইছলামৰ লগতে ফৈজুলৰ পত্নী নিজ বাসগৃহৰ পৰা আঁতৰত থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত পুত্ৰৰ বিৰুদ্ধে মাতৃ কুলচুম বিবিয়ে আৰক্ষীক অভিযোগ দিছে যদিও এই পৰ্যন্ত অভিযুক্ত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি স্থানীয় সূত্ৰে জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.