Mob lynching in Bilashipara: বিলাসীপাৰাত মৰেল পুলিচিঙৰ ঘটনা - Crime in Assam
🎬 Watch Now: Feature Video


Published : Sep 26, 2023, 5:55 PM IST
বিলাসীপাৰা,২৬ ছেপ্টেম্বৰ: বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা । এইবাৰৰ স্থান বিলাসীপাৰাৰ যমদুৱাৰ ২ম খণ্ড গাঁৱত । চোৰৰ সন্দেহত একাংশ ৰাইজে এজন যুৱকক দুই হাত বান্ধি কৰিলে নিৰ্মম প্ৰহাৰ । বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত চিৰাকুটা যমদুৱাৰ ২য় খণ্ড গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ মৰেল পুলিচিঙৰ ঘটনা ।
উক্ত মৰেল পুলিচিঙৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰল হোৱাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চুৰিৰ সন্দেহত দুই ব্যক্তিক হাত বান্ধি অতি নিৰ্মমভাৱে মাৰপিট কৰা ঘটনাক ধিক্কাৰ জনাইছে বিভিন্ন দল-সংগঠনে । আইন হাতত তুলি লৈ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত কৰা আটাইকেইজন ব্যক্তিৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণৰ দাবী তুলিছে বিলাসীপাৰাৰ সচেতন মহলে ।
লগতে পঢ়ক: Robbery in Nagaon: গৃহস্থক অচেতন কৰি প্ৰায় 17 লাখ টকাৰ আ-অলংকাৰ লুট-পাত