Indo Nepal youth games International Championship: মৰিগাঁৱৰ সাগৰে নেপালত ভাৰতৰ হৈ আঁজুৰিলে পদক

🎬 Watch Now: Feature Video

thumbnail

মৰিগাঁও, 19 এপ্ৰিল : ভাৰতৰ হৈ নেপালত হেণ্ডবল খেলি পদক অৰ্জন কৰি সমগ্ৰ দেশৰ লগতে অসমলৈ সুনাম কঢ়িয়াই আনিছে মৰিগাঁৱৰ নিবাসী সাগৰ হাজৰিকাই ৷ ৰাষ্ট্ৰীয় দলৰ হৈ খেলি ৮ টাকৈ গ’ল কৰি পদক জিকি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে সাগৰে (hand ball competition) ৷ বিভিন্ন দল সংগঠনে অভিনন্দন জনাইছে হেণ্ডবল খেলুৱৈজনক ৷

ক্ৰীড়াৰ জৰিয়তে চৰিত্ৰ গঠন আৰু চৰিত্ৰ গঠনৰ জৰিয়তে ৰাষ্ট্ৰ গঠনৰ লক্ষ্যৰে মৰিগাঁৱৰ এজন কিশোৰে ক্ৰীড়াৰ ক্ষেত্ৰত দেশক প্ৰতিনিধিত্ব কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে  ।  হেণ্ডবল খেলি বিশ্ব জিনাৰ সপোন মৰিগাঁও জিলাৰ ভকতগাঁৱৰ এজন কিশোৰৰ । ৰাষ্ট্ৰীয় দলৰ হৈ খেলি ৮ টাকৈ গ'ল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে সাগৰ হাজৰিকাই (Morigaon youth won hand ball competition in Nepal) ৷

সৰুৰ পৰাই ভাৰতৰ হৈ ক্ৰীড়াৰ ক্ষেত্ৰত দেশক প্ৰতিনিধিত্ব কৰাৰ সপোন দেখা মৰিগাঁৱৰ নিবাসী সাগৰে জৱাহৰ নৱোদয় বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰাই হেণ্ডবল খেলিবলৈ আৰম্ভ কৰিছিল । যোৱা সাতটা বছৰত ৰাজ্যিক পৰ্যায়ত কেইবাটাও পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে তেওঁ ৷ শেহতীয়াকৈ নেপালত অনুষ্ঠিত হৈ যোৱা 'ইণ্ড নেপাল ইউথ গেমছ ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ ২০২৩' ত ভাৰতৰ হৈ খেলি সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় (Indo Nepal youth games International Championship) ।

১৩ এপ্ৰিলত নেপালৰ পোখৰাত অনুষ্ঠিত হোৱা খেলখনত নেপালক ২৫-১৮ গ’লৰ ব্যৱধানত পৰাস্ত কৰে ১৯ অনুৰ্ধৰ ভাৰতীয় দলটোৱে । উলেখ্য যে, ভাৰতৰ ২৫ টা গ’লৰ ভিতৰত সাগৰ হাজৰিকাৰ নিজা গ'ল আছিল ৮ টা । হেণ্ড বলৰ দ্বাৰাই ভৱিষ্যতেও দেশৰ হৈ খেলি অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই অনাৰ পৰিকল্পনা আছে সাগৰ হাজৰিকাৰ । অৱশ্যে আৰ্থিক ভাৱে সবল নোহোৱা সাগৰৰ অভিভাৱকে ৰাজ্যৰ ক্ৰীড়া সংগঠন, ক্ৰীড়াবিদ , জাতীয় দল সংগঠন আৰু চৰকাৰৰ পৰা আশা কৰিছে সহায়-সহযোগিতা ।

লগতে পঢ়ক : Fire in Gohpur: গহপুৰৰ হেলেমত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.