মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মালৈ "জনসেৱক ৰত্ন" সন্মান

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 10:36 AM IST

মৰিগাঁও, 1 ডিচেম্বৰ : সাংস্কৃতিক মহাসভা, অসমে মৰিগাঁৱৰ জিলা আয়ুক্ত তথা ৰাজ্যৰ কৰ্কট ৰোগীসকলৰ বাবে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহা মানৱদৰদী, জনহিতৈষী দেৱাশীষ শৰ্মাক "জনসেৱক ৰত্ন" উপাধি প্ৰদান কৰে। এই উপলক্ষে বৃহস্পতিবাৰে সাংস্কৃতিক মহাসভা, অসমৰ উদ্যোগত আৰু সাংস্কৃতিক মহাসভা, মৰিগাঁও জিলা সমিতিৰ সহযোগত আজি মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত সন্মান প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে। সাংস্কৃতিক মহাসভা, অসমৰ সভাপতি পৱিত্ৰ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা আয়ুক্তগৰাকীক গামোচা, চেলেং, জাপি, প্ৰশস্তি পত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায় ।

ক’ভিডৰ সময়ত মুম্বাইৰ অসম ভৱনৰ যুটীয়া আৱাসিক আয়ুক্ত হিচাপে নিযুক্ত হৈ থকা দেৱাশীষ শৰ্মাই অসমৰ 80 গৰাকী কৰ্কট ৰোগীকে ধৰি 168 গৰাকী যাত্ৰীক ছখন বাছেৰে 2800 কিলোমিটাৰৰ বিপদসংকুল যাত্ৰা অতিক্ৰম কৰি অসমলৈ লৈ আহিছিল ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব, লেখক থানেশ্বৰ মালাকাৰে দেৱাশীষ শৰ্মাৰ কৰ্মৰাজীৰ ভূয়সী প্ৰশংসা কৰে ৷ 

লগতে পঢ়ক: প্ৰমানপত্ৰ দিলে ঠিকেই, কিন্তু ৰেকৰ্ডৰ বাবে ৰোপণ কৰা গছপুলিবোৰ কেনে আছে ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.