thumbnail

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 7:58 AM IST

ETV Bharat / Videos

মৰাণত চহা কৃষকৰ সপোন সোণালী হৈ জিলিকিছে ভৰা আঘোণৰ পথাৰত

ডিব্ৰুগড়, 25 নৱেম্বৰ : আঘোণ মানেই প্ৰাপ্তিৰ মাহ ৷ বাৰিষাৰ ঘাম সৰা বোকাময় পথাৰত এতিয়া সোণালী হৈ জিলিকিছে আঘোণৰ পথাৰ । আঘোণৰ ভৰপুৰ পথাৰত চৌদিশে সোণগুটি চপোৱাত ব্যস্ত এতিয়া চহা কৃষক-দাৱনী । প্ৰতিজন চহা কৃষক এতিয়া সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে ৷ কাচিৰ কেচ্ কেচ্ শব্দত ৰজনজনাইছে কৃষকৰ পথাৰ ।

জাক জাক দাৱনীৰ খিলখিল হাঁহিত হালিজালি নাচি উঠিছে সোণোৱালী ধাননি ডৰাও । ৰাজ্যৰ অন্য প্ৰান্তৰ লেখিয়াকৈ ডিব্ৰুগড় জিলা মৰাণৰ লেঙেৰী চাউদাং পথাৰৰ দৃষ্টিনন্দন দৃশ্যই সকলোকে আকৰ্ষিত কৰিছে । সোণোৱালী পথাৰত একেলগে ধান দোৱাত ব্যস্ত হৈ পৰিছে জাক জাক মহিলা ৷ ধান দোৱাৰ মাজতে আনন্দতে গীতো জুৰিছে মহিলাসকলে । তাৰোপৰি আজৰি সময়ত জুতি লৈছে ৰবাব টেঙাৰ ।

লেঙেৰী চাউদাংগাঁৱৰ মহিলা সকলে একেলগে গাঁওখনৰ প্ৰতিগৰাকী কৃষকৰ পথাৰত সমজুৱাভাৱে ধান কটাৰ দৃশ্যই মুগ্ধ কৰিছে সকলোকে ৷ গাঁওখনৰ বিশ পঁচিশগৰাকী মহিলাই কৃষকৰ পথাৰৰ ধান চপাই দিয়াৰ দৃশ্যই দেখুৱাইছে একতাৰ নিদৰ্শন ৷

উল্লেখ্য যে, প্ৰতিবছৰে গাঁওখনৰ মহিলাসকলে সমন্বয়ভাৱে কৃষকৰ ধান চপাই দিয়াত সহায় কৰি আহিছে । এইবাৰ পূৰ্বৰ তুলনাত ধান ভাল হোৱাত সোণত সুৱগা চৰা দৰে অধিক হেঁপাহেৰে দাৱনীসকলে ধান দোৱাৰ লগতে সপোনৰ সোণগুটি চপোৱাত ব্যস্ত হৈছে কৃষকসকল ।

লগতে পঢ়ক : আঘোণতে লুকাই আছে চহা কৃষকৰ শাশ্বত সপোন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.