মৰাণ বাল্য বিকাশ বিদ্যালয়ত নৱবৰ্ষৰ ব্যতিক্ৰমী অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 8:42 PM IST

thumbnail

ডিব্ৰুগড়, 3 জানুৱাৰী : পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও কৃষিকাৰ্য আৰু ব্যতিক্ৰমী বিভিন্ন সাংস্কৃতিক-সামাজিক কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে মৰাণ বাল্য বিকাশ বিদ্যালয়ে । ছাত্ৰই নিজে সজা কলপটুৱাৰ ডোঙত পৰিৱেশন কৰা দৈ-চিৰাৰ জলপানেৰে বুধবাৰে নৱবৰ্ষৰ আদৰণি অনুষ্ঠানৰ আয়োজন কৰিলে মৰাণৰ এইখন বিদ্যালয়ে ৷

মৰাণৰ ডোমৰ দলংস্থিত বাল্য বিকাশ বিদ্যালয়ত আজি ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অতিথিৰ উপস্থিতিত আয়োজন কৰা হয় এক ব্যতিক্ৰমী অনুষ্ঠান । "আশা আৰু প্ৰত্যাশাৰে নৱবৰ্ষৰ শুভেচ্ছাৰ এটা দিন" শীৰ্ষক এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়া, জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাং, মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড৹ সংগীতা শৰ্মাকে ধৰি বহুসংখ্যক বিশিষ্ট অতিথি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত-বিনিময় কৰে ৷ উক্ত অনুষ্ঠানতে বিষ্ণু খাৰঘৰীয়া, বিপিন চাউদাঙক সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক : টিহু নাথকুছিৰ এখন বিশেষ প্ৰাথমিক বিদ্যালয়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.