Monocled cobra Rescued: কলিয়াবৰত প্ৰকাণ্ড চকৰি ফেঁটী সাপসহ উদ্ধাৰ 16 টা কণী - প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকা
🎬 Watch Now: Feature Video
কলিয়াবৰ, 6 আগষ্ট : কলিয়াবৰৰ এখন বিদ্যালয়ৰ পৰা উদ্ধাৰ হৈছে এডাল প্ৰকাণ্ড চকৰি ফেঁটী সাপ । লগতে উদ্ধাৰ কৰা হৈছে চকৰি ফেঁটী সাপৰ 16 টা কণী । তথ্য অনুসৰি, কলিয়াবৰৰ শান্তিপুৰত অৱস্থিত মধ্য কলিয়াবৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই চকৰি ফেঁটী সন্দৰ্ভত অৱগত কৰে বন বিভাগক ৷
তাৰ পাচতে বন বিভাগ আৰু প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰে এটা চকৰি ফেঁটীসহ 16 টা কণী ৷ পৰৱৰ্তী সময়ত শিলঘাট বনখণ্ডৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয় সাপটো । আনহাতে, কণীকেইটাৰ পৰা পোৱালী জগালৈকে উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰে সঞ্জীৱ ডেকাৰ তত্বাৱধানত বন বিভাগে ।
প্ৰকৃতি প্ৰেমীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, সাপৰ কণী ফুটি পোৱালী জন্ম হ'বলৈ 45 দিন সময় লাগে । এই সময়ছোৱাত যাতে কণীকেইটাৰ কোনো হানি-বিঘিনি নহয়, তাৰ প্ৰতি বনবিভাগে দৃষ্টি দিব বুলি আশা কৰিছে স্থানীয় প্ৰকৃতি প্ৰেমীগৰাকীয়ে ।
লগতে পঢ়ক : BJP Worker found dead in Nalbari: মৰাপাগলদিয়াৰ পাৰত উদ্ধাৰ বিজেপি নেতা কন্দৰ্প বৰ্মনৰ মৃতদেহ