Money Loot: মৰিয়নীত দুই লাখ টকা লুটি নিলে দুবৃৰ্ত্তই - ধন লুটৰ চাঞ্চল্যকৰ ঘটনা
🎬 Watch Now: Feature Video


Published : Oct 5, 2023, 7:34 PM IST
যোৰহাট, 5 অক্টোবৰ : যোৰহাট জিলাৰ মৰিয়নীত দিন দুপৰতে ধন লুটৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ভাৰতীয় ষ্টেট বেংকৰ মৰিয়নী শাখাৰ সন্মুখত কাশীৰাম ৰাজবংশী নামৰ এজন ৰে’ল বিভাগৰ কৰ্মচাৰীৰ পৰা দুই লাখ টকা অতি কৌশলেৰে লুটি নিয়ে দুৰ্বৃত্তই।
জানিব পৰামতে কাশীৰাম ৰাজবংশী নামৰ ব্যক্তিজনে ষ্টেট বেংক মৰিয়নী শাখাৰ পৰা ধনখিনি উলিয়াই চাইকেলৰ তলা খোলোতেই চাইকেলত ওলমাই ৰখা টকাৰ বেগটো লৈ উধাও হয় দুৰ্বৃত্ত । তাৰ পিচতে লোকজনে চিঞৰ বাখৰ কৰে যদিও দুৰ্বৃত্তৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহয় ৷
লক্ষণীয় যে, মৰিয়নীত এটা চক্ৰই বাহৰ পাতি বেংক তথা এটিএমৰ পৰা সুযোগ বুুজি ধন লুট কৰি অহাৰ ঘটনা সংঘটিত কৰি অহাৰ বহু ঘটনা সংঘটিত হৈছে ৷ যদিও আৰক্ষীয়ে দুবৃৰ্ত্তৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। ফলত মৰিয়নীবাসী লোক নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে।
লগতে পঢ়ক: Illegal pistol seized: ধিঙত অবৈধ পিষ্টলসহ এজনক গ্ৰেপ্তাৰ