Mohoho Utsav celebrated: পৰম্পৰা ধৰি ৰাখি মহো হো উৎসৱ পালন - মহৌখুন্দা উৎসৱটি নামনি অসমৰ এক কৃষিভিত্তিক উৎসৱ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 8, 2022, 10:48 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

নামনি অসমৰ লোককৃষ্টিৰ অন্যতম অংগ মহো-হো নাইবা মহৌখুন্দা উৎসৱ (Festival Of Assam) । মহৌখুন্দা উৎসৱটি নামনি অসমৰ এক কৃষিভিত্তিক উৎসৱ(Lower assam special festival) । অতীজৰে পৰা আঘোণৰ পূৰ্ণিমা তিথিত বুঢ়া-ডেকাসকলে লগ-লাগি নিশা চুবুৰীৰ ঘৰে-ঘৰে গৈ পৰম্পৰাগতভাৱে চলি অহা গীতসমূহ গায় গৃহস্থক আশীৰ্বাদ প্ৰদান কৰে । কৃষকসকলে যাতে আঘোণৰ সোণোৱালী ধান চপাব পাৰে সেয়াও কামনা কৰে । পৰম্পৰাগত সাজ পোচাক, হাতত লেম, খেৰৰ যূগুন্দী, হাতত টোকোন বা লাঠি লৈ তাৰেই এজন ভালুক হৈ মুখে মুখে প্ৰচলিত ৰসাল গীতসমূহ গায় । পৰম্পৰা ৰক্ষা কৰি বৃহস্পতিবাৰে মঙলদৈ চহৰৰ নিকটৱৰ্তী প্ৰফুল্ল নগৰ আৰু কংক্ৰিটৰ মহানগৰী গুৱাহাটীৰ ৰুক্মিনীগাঁৱত দেখা গ'ল মহো হৌ নাইবা মহৌখুন্দা উৎসৱ(Mahoho Utsav at Mangaldoi) ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.