অসমত বৰ্তমান এজনীয়া চৰকাৰ চলি আছে, মুখ্যমন্ত্ৰীয়েই সকলো: ৰকিবুল হুছেইন - APDCL increased electricity bill
🎬 Watch Now: Feature Video
"অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰাৰ নজিৰ পূৰ্বে নাছিল, কিহৰ বাবে ইমান ভয় চৰকাৰ ? চৰকাৰ কথা-বতৰাবোৰতে যথেষ্ট সন্দেহ ঘনীভূত হৈছে ৷" এই মন্তব্য বিধায়ক ৰকিবুল হুছেইনৰ (MLA Rakibul Hussain)৷ অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতিৰ অভিযোগৰ (Assam recruitment scam allegation) তদন্ত এজন ন্যায়াধীশৰ জৰিয়তে কৰাৰ পোষকতা কৰিলে ৰকিবুল হুছেইনে । আনহাতে, বিধায়কগৰাকীয়ে কয়, "পোহৰৰ মন্ত্ৰীগৰাকী থাকে আন্ধাৰত ! বিপৰীতে বিদ্যুতৰ বিল বৃদ্ধিৰ(APDCL increased electricity bill) সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য সুকীয়া ৷ এতিয়া এজনীয়া চৰকাৰ চলিছে’’ ৷ মুখ্যমন্ত্ৰীয়ে আকাশত খৰচ কৰা ২০ কোটি টকা শক্তি ক্ষেত্ৰত খৰচ কৰাহেতেঁন বিদ্যুতৰ বিল বৃদ্ধি নহ'লহেতেন বুলিও মন্তব্য কৰিলে ৰকিবুল হুছেইনে ৷
Last Updated : Feb 3, 2023, 8:28 PM IST