AIUDF MLA slams Assam CM : অসমৰ মুখ্যমন্ত্ৰীক হিটলাৰৰ সৈতে তুলনা জনীয়াৰ বিধায়কৰ - MLA Rafiqul Islam compares Assam CM to Hitler
🎬 Watch Now: Feature Video
কলগাছিয়া,১৮ ফেব্ৰুৱাৰী : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হিটলাৰৰ সৈতে তুলনা কৰিলে জনীয়া সমষ্টিৰ এআইইউডিএফৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে (AIUDF MLA slams Assam CM)। তেওঁৰ মতে অসমৰ মুখ্যমন্ত্ৰী হিটলাৰী । "কিন্তু তেওঁৰ হিটলাৰী সদায় নাথাকে । বহুত হিটলাৰ আহিছে গৈছে, মুখ্যমন্ত্ৰীও এদিন যাব লাগিব ।"
ৰাজ্যত চলি থকা উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে বিধায়কগৰাকীয়ে (AIUDF MLA compares Assam CM to Hitler)।
উল্লেখ্য যে যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰশাসনে উচ্ছেদ চলাইছিল (Burachapori eviction)। ইতিমধ্যে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যক বেদখলমুক্ত কৰিলে বন বিভাগ তথা প্ৰশাসনে । কিন্তু এই উচ্ছেদৰ পাছতে বিৰোধী দলসমূহে চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা গৈছে । ইয়াৰ মাজতে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুক ইছলাম কলগাছিয়াত উপস্থিত থাকি অসম চৰকাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে (MLA Rafiqul Islam reacts over Burachapori eviction)।
ড৹ হাফিজ ৰফিকুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰীৰ হিটলাৰী বেছিদিন নাথাকে । হিটলাৰ যেনেকৈ আহিছে আৰু গৈছে । মুখ্যমন্ত্ৰীও এদিন যাব লাগিব । বিধায়কগৰাকীৰ মতে অহা মাহত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব । কিন্তু সেইসকল ছাত্ৰ-ছাত্ৰীৰ ঘৰ দুৱাৰ ভাঙি দিছে আৰু সেই শিক্ষাৰ্থীসকল ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে ।
উচ্ছেদিত পৰিয়ালক লৈ মুখ্যমন্ত্ৰীয়ে হেতালি খেলি ৰাস্তালৈ আনিছে বুলি উদ্বেগ প্ৰকাশ কৰে বিধায়কগৰাকীয়ে । বিধায়কগৰাকীৰ মতে বুঢ়াচাপৰি বা আন আন চাপৰিত উচ্ছেদ কৰি তাতে চৰকাৰে জৰুৰীভাৱে কোনো বিমানবন্দৰ বা ৰে'ল ষ্টেচন বা বাছ আস্থান বা বিশ্ববিদ্যালয় আৰু চিকিৎসা নিৰ্মাণ নকৰে । সেই মাটিখিনি মুখ্যমন্ত্ৰীৰ ইমান দৰকাৰ নে বুলিও বিধায়কগৰাকীয়ে প্ৰশ্ন কৰে ।
জনীয়াৰ বিধায়কগৰাকীৰ মতে চৰকাৰৰ দায়িত্ব হৈছে জনগণক ঘৰ দিয়া । মানুহক মাটি, ঘৰৰ ব্যৱস্থা কৰি তাৰ পাছত উচ্ছেদ কৰিবলৈ তেওঁ আহ্বান জনায় । তেওঁ দাবী কৰা মতে ফৰেষ্ট মানুহৰ কাৰণেই, মানুহ মাৰি ফৰেষ্ট বচাই ৰাখি কোনো লাভ নাই (MLA Rafiqul Islam slams Assam CM)।
মুখ্যমন্ত্ৰীয়ে সকলোকে সমান দৃষ্টিৰে চোৱাৰ সংবিধানৰ শপত লৈছিল কিন্তু এটা বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰি উচ্ছেদ কৰিছে আৰু কিছুমান জনগোষ্ঠীৰ কথা চিন্তা নকৰে বুলিও মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কৰে বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে । মুখ্যমন্ত্ৰীয়ে আইনৰ শপত খাই আইন ভংগ কৰিছে, কিন্তু ভূমিহীন মানুহক সংস্থাপনৰ ব্যৱস্থা কৰাৰ দায়িত্বও মুখ্যমন্ত্ৰীৰ আছে বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ।
লগতে পঢ়ক :Burachapori eviction: বেদখল মুক্ত হ'ল বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য