ভূপেন বৰাই পিন্ধিবলৈ দহখন মাস্ক পঠিয়াইছে বিধায়ক মানৱ ডেকাই - মানৱ ডেকা লখিমপুৰ
🎬 Watch Now: Feature Video


Published : Dec 3, 2023, 9:32 PM IST
লখিমপুৰ, ৩ ডিচেম্বৰ : লখিমপুৰত ভূপেন বৰাৰ প্ৰতি সন্মান জনাই বিজেপি বিধায়কৰ আতচবাজী । দেওবাৰে সন্ধিয়া লখিমপুৰ নগৰৰ খেলমাটিৰ কলেজ চাৰিআলিত বিজেপিৰ বিধায়ক মানৱ ডেকাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতি সন্মান প্ৰদর্শন কৰি একাংশ দলীয় কৰ্মীৰ সৈতে আতচবাজী ফুটায় । দৰাচলতে এয়া প্ৰতি একপ্ৰকাৰৰ উপহাসহে ৷
উল্লেখ্য যে, চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলত বিজেপিয়ে তিনিখন ৰাজ্য দখল কৰে ৷ শনিবাৰে ভূপেন বৰাই কৈছিল যে আজিৰ দিনটোত ৰাইজে উৎসৱ উদযাপন কৰিব । কিন্তু আজি বিজেপিয়েহে বিজয় উৎসৱ উদযাপন কৰে । সেয়ে ভূপেন বৰাৰ প্ৰতি সন্মান প্ৰদর্শন কৰি মানৱ ডেকাই আতচবাজী ফুটুৱা বুলি কয় বিধায়কগৰাকীয়ে । তেওঁ কয় যে কাইলৈৰ পৰা ভূপেন বৰাই মাস্ক পৰিধান কৰিহে ঘূৰিব পাৰিব ৷ বিধায়কগৰাকীয়ে ইতিমধ্যে কংগ্ৰেছৰ বাবে দহখন মাস্ক পঠাই দিয়া বুলি কয় ।
লগতে পঢ়ক : 2024 ত পুনৰ বিজেপি চৰকাৰ অহাৰ ইংগিত তিনি ৰাজ্যৰ বিজয়; অমিয় ভূঞা