Jugundhari Namghar in Majuli: যুগুনধাৰী নামঘৰত বিধায়ক ভুৱন গামৰ সেৱা - মাজুলীৰ বিধায়ক ভুৱন গাম

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 2:01 PM IST

মাজুলী, ৯ ছেপ্টেম্বৰ: ৮ ছেপ্টেম্বৰত মাজুলী জিলাৰ প্ৰতিষ্ঠা দিৱস । মাজুলীবাসীৰ বাবে এক গৌৰৱৰ দিন । উল্লেখ্য় যে ২০১৬ চনৰ ৮ ছেপ্টেম্বৰত মাজুলীয়ে জিলা হিচাপে স্বীকৃতি লাভ কৰিছিল । কালি এই পৱিত্ৰ দিনটোত মাজুলীৰ বিধায়ক ভুৱন গামে সন্ধিয়া দৰিয়া গাঁৱৰ নামঘৰ, যুগুনধাৰী নামঘৰত জিলাবাসীৰ মংগল কামনাৰে সেৱা লোৱাৰ লগতে স্থানীয় গাঁৱবাসীৰ লগত নাম লয় ।

মাজুলীৰ বিধায়ক ভুৱন গামেও নামঘৰলৈ গৈ ভকত বৈঞ্চৱৰ লগত একে লগে নাম গোৱাৰ লগতে মাজুলীৰ বাবে যিমান কাম কৰিছে তাতকৈ আৰু দুগুন কাম যাতে মাজুলীৰ হৈ কৰিব পাৰে তাৰ বাবে সেৱা লয় । ইফালে, মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই আজিৰ দৰে আৰু দুগুণ উৎসাহেৰে যাতে ৰাইজৰ হৈ কাম কৰিব পাৰে তাৰ বাবে নেদেখা জনে যাতে আশীৰ্বাদ দিয়ে তাৰ কাৰণেও প্ৰাৰ্থনা কৰে ।

লগতে পঢ়ক:Bhupen Hazarika 97th birthday: সুধাকণ্ঠৰ স্মৃতি বিজড়িত সমলবোৰ সংৰক্ষণৰ আহ্বান শংকৰ পাটোৱাৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.