Public Hearing on Delimitation: নিৰ্বাচন আয়োগৰ ওচৰত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ ওজৰ-আপত্তি - Eci Public Hearing On Delimitation Draft Proposal

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 20, 2023, 2:26 PM IST

গুৱাহাটী, 20 জুলাই : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ দ্বিতীয় দিনাৰ শুনানিত অংশ গ্ৰহণ কৰে ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ৷ বিশেষকৈ সংখ্যালঘু সম্প্ৰদায় অধ্যুষিত এলেকাত ব্যাপক সাল-সলনি ঘটোৱাকলৈ সৰৱ হৈ পৰিছে এ আই ইউ ডি এফ দল ৷  

শুনানিত অংশ লোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক আমিনুল ইছলামে কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত হিন্দু-মুছলমানৰ ৰাজনীতি কৰা হৈছে ৷ ধৰ্মীয় মেৰুকৰণৰ বিজেপিৰ এই ৰাজনীতিৰ পৰা নিৰ্বাচন আয়োগক বিৰত থকাৰ বাবে আহ্বান জনোৱা হৈছে বুলি তেওঁ কয় ৷ তেওঁ সমষ্টিৰ সীমা সাল-সলনি কৰাক লৈয়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

আনহাতে আছুৱে সমৰ্থন জনোৱাৰ প্ৰসংগত তেওঁ কয় যে, আছু বিজেপি চৰকাৰৰ বহতীয়া ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেয়া পোৱা কাম আছুৱে নকৰে বুলি তেওঁ কয় ৷ উল্লেখ্য যে, এ আই ইউ ডি এফ দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰকাশ কৰা খচৰাৰ তীব্ৰ বিৰোধীতা কৰিছে ৷ আনহাতে এই ক্ষেত্ৰত ন্যায়ালয়ৰো দ্বাৰস্ত হৈছে দলটো ৷  

লগতে পঢ়ক : Constituency Delimitation 2023: নিৰ্বাচন আয়োগৰ দ্বিতীয় দিনাৰ শুনানিত ১৩খন জিলাৰ চাৰি শতাধিক ওজৰ-আপত্তিৰ আবেদন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.