Constituency Delimitation : বে-আইনীভাৱে কৰা হৈছে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ; অখিল গগৈ - অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 16, 2023, 7:15 PM IST

গুৱাহাটী, 16 আগষ্ট : শেহতীয়াকৈ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাক লৈ বুধবাৰে গুৱাহাটীত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাক লৈ বিধায়ক অখিল গগৈয়ে বিষোদগাৰ প্ৰকাশ কৰে ৷

তেওঁ কয় যে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা এক ভয়ানক কাম কৰা হ'ল ৷ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা ভাৰতৰ সংবিধানক উলংঘা কৰা হ'ল ৷ সমগ্ৰ ব্যৱস্থাটোক নসাৎ কৰি দিয়া হ'ল ৷ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ কামত শাসক দলে ইচ্ছা অনুসৰি নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰিলে বুলি কয় বিধায়কজনে ৷

ইয়াৰ বিৰুদ্ধে অসমৰ বিৰোধী ৰাজনৈতিক দলবোৰে যি ধৰণে সবলভাবে প্ৰতিবাদ কৰিব লাগিছিল সেই ধৰণে প্ৰতিবাদ কৰা দেখা নগ'ল বুলিও মন্তব্য কৰে তেওঁ ৷ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা ভাৰতৰ সংবিধানক কবৰস্থ কৰা হ’ল বুলি কয় তেওঁ ৷ তেওঁ কয় যে জনসংখ্যাৰ সমানুপাতিকভাবে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হোৱা নাই ৷ বে-আইনীভাবে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে ৷

লগতে পঢ়ক : Assam Gas Company Limited: 2 বছৰত 70 কোটি টকাৰ লোকচানৰ সন্মুখীন অসম গেছ কোম্পানী লিমিটেড

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.