Anti CAB movement: CAB বিৰোধী আন্দোলনৰ গোচৰত ডিব্ৰুগড়ৰ আদালতত অখিল গগৈ - Citizenship Amendment Act
🎬 Watch Now: Feature Video
মৰাণ, ১৭ মে': নাগৰিকত্ব সংশোধনী আইন (Citizenship Amendment Act) আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক (Citizenship Amendment Bill)বিৰোধী আন্দোলনৰ গোচৰ সন্দৰ্ভত বুধবাৰে ডিব্ৰুগড়ৰ জিলা আৰু সত্ৰ ন্য়ায়াধীশৰ আদালতত উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ । ডিব্ৰুগড়ৰ জিলা আৰু সত্ৰ ন্য়ায়াধীশৰ আদালতত তিনিটা গোচৰ সন্দৰ্ভত নিয়মাফিক উপস্থিতি হয় বিধায়ক গগৈয়ে (MLA Akhil Gogoi in Dibrugarh Court)।
বিধায়কগৰাকীয়ে মঙলবাৰে উপস্থিত হ'ব লাগিছিল যদিও দলৰ সাংগঠনিক কামৰ বাবে উপস্থিত থাকিব নোৱাৰাত বিধায়ক গগৈৰ বিৰুদ্ধে আদালতে জাৰি কৰিছিল ৱাৰেন্ট । আদালতৰ এই ৱাৰেন্ট উঠাই লোৱাৰ বাবে বুধবাৰে ডিব্ৰুগড়ৰ জিলা আৰু সত্ৰ ন্য়ায়াধীশৰ আদালতত উপস্থিত হয় বিধায়কগৰাকীয়ে ।