Akhil Gogoi Celebrates Magh Bihu : চিনাকি পথাৰত ৰং-ধেমালি কৰি ভোগালী উপভোগ অখিল গগৈৰ - Lukhurakhon Gaon Teok

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 16, 2023, 10:29 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

নিজ গৃহ গাঁৱত ভোগালীৰ আনন্দত মতলীয়া হ'ল বিধায়ক অখিল গগৈ ৷ এক দীঘলীয়া সংগ্ৰামী জীৱনৰ অন্তত সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰি বিধায়ক হ’ল কৃষক নেতা অখিল গগৈ ৷ কিন্তু ব্যস্ততাৰ মাজতো অখিল গগৈয়ে পাহৰিব পৰা নাই নিজ আপোন গাঁৱৰ ভোগালীৰ আমেজ ৷  সেয়ে নিজা সমষ্টি শিৱসাগৰত ভোগালী বিহু উদযাপন কৰাৰ পিচত মৰিয়নিৰ চেলেং লুখুৰাখনত সোমবাৰে পুৱা উপস্থিত হ'ল অখিল গগৈ (MLA Akhil Gogoi)৷ পুৱাৰে পৰা আপোন গাঁওবাসীৰ সৈতে চাহ-জলপানৰ জুতি লৈ গাঁওবাসীৰ খা-খবৰ লোৱাত ব্যস্ত হৈ পৰে বিধায়কগৰাকী (Akhil Gogoi Celebrates Magh Bihu)৷

গাঁৱৰ(Lukhurakhon Gaon Teok) নামঘৰ প্ৰাংগণত লুখুৰাখন জেউতি শিল্পী সমাজৰ উদ্যোগত আয়োজন কৰা ভোগালী উৎসৱৰ বিভিন্ন খেল-ধেমালিতো বিধায়ক অখিল গগৈয়ে অংশগ্ৰহণ কৰে ৷ গাঁৱৰ এজন সাধাৰণ লোকৰ দৰে বিধায়কগৰাকীয়ে দৌৰ, চকু বান্ধি হাঁহধৰা, ৰছী টনা, টেকেলী ভঙা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে গাঁৱৰ পুৰুষ-মহিলা, যুৱক-যুৱতী বৃদ্ধলোকসকলকো খেল-ধেমালিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে ।

অখিল গগৈৰ আশী উৰ্ধৰ মাতৃ প্ৰিয়দা গগৈয়েও(Akhil Gogoi Mother) খৰকৈ খোজকঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । আনহাতে অখিল গগৈক কাষত পাই বিহুৰ বতৰত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ লগতে সমূহ গাঁওবাসী ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.