তীৰ্থ ভ্ৰমণলৈ গৈ পৰশুৰাম কুণ্ডৰ সমীপত নিখোঁজ ধেমাজিৰ যুৱক

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 2:04 PM IST

ধেমাজি, 9 ডিচেম্বৰ : এইবাৰ তীৰ্থ ভ্ৰমণলৈ গৈ ধেমাজিৰ এজন যুৱক নিখোঁজ হৈছে ৷ নিখোঁজ যুৱকজন ধেমাজি মাটিখোলাৰ দিপাংকৰ দত্ত (২৭) বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, ধেমাজিৰ মাটিখোলা গাঁৱৰে প্ৰায় 45 জনীয়া এটি দলে দেওবাৰেই তীৰ্থ ভ্ৰমণৰ উদ্দেশ্যেৰে পৰশুৰাম কুণ্ডলৈ বুলি গৈছিল ৷ যেতিয়া পৰশুৰাম কুণ্ডৰ সমীপৰ এখন দোকানৰ সন্মুখত দলটো যোৱা বাছখন ৰখাইছিল তেতিয়াই খোৱা বস্তু আনিবলৈ বুলি বাছৰ পৰা নামি গৈছিল দিপাংকৰ ৷ তেতিয়াৰ পৰাই সন্ধানহীন হৈ পৰে যুৱকজন ৷

এই ক্ষেত্ৰত তীৰ্থ ভ্ৰমণলৈ যোৱা দলটোৰ এজন লোকে জনোৱা অনুসৰি, ‘‘যেতিয়া পৰশুৰাম কুণ্ডৰ সমীপৰ এখন দোকানৰ সন্মুখত আমি যোৱা বাছখন ৰখাইছিল তেতিয়াই খোৱা বস্তু আনিবলৈ বাছৰ পৰা নামি গৈছিল দিপাংকৰে ৷ তেতিয়াৰ পৰাই দিপাংকৰৰ সন্ধান নোহোৱা হ’ল ৷ আমি সকলোৱে বিচাৰি গৈছিলো কিন্তু কোনো সন্ধান নাপালো তাৰ ৷ সেয়ে পৰশুৰাম কুণ্ডৰ সমীপৰ থানাত খবৰ দিলো ৷ কিন্তু বৰ্তমানেও কোনো সন্ধান উলিয়াব পৰা নাই দিপাংকৰৰ ৷’’ ইফালে পৰশুৰাম কুণ্ডৰ পৰা দিপাংকৰ অবিহনে সোমবাৰে নিশা ধেমাজিত উপস্থিত হয় তীৰ্থ ভ্ৰমণকাৰী দলটো ৷

লগতে পঢ়ক : বনভোজ খাবলৈ গৈ কেনেকৈ জংঘলৰ দাঁতি পালেগৈ লকেচনে ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.