আলি-আয়-লৃগাঙৰ দিনটো ৰাজ্যিক বন্ধ লাগে অন্যথা বিজেপি নেতাক মিচিং গাঁৱত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ ৰাইজৰ - Demand Declaration of Ali Aye Ligang Holiday

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 11:53 AM IST

জোনাই, 21 নৱেম্বৰ : মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাঙৰ দিনা ৰাজ্যিক বন্ধ ঘোষণা নকৰাৰ সলনি 10 খন জিলাতহে চৰকাৰে বন্ধৰ ঘোষণা কৰা পদক্ষেপক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে মিচিং দল সংগঠনৰ মাজত ৷ সেয়ে সোমবাৰে জোনাইৰ চিলাপথাৰৰ চিচিবৰগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজে ৷

মন্ত্ৰী ডাঃ ৰণোজ পেগু হায় হায়, বিধায়ক ভূৱন পেগু হায় হায়, আলি আয় লৃগাঙৰ দিনটো ৰাজ্যিক বন্ধ দিব লাগিবই আদি বিভিন্ন শ্লোগানৰে মিচিং জনগোষ্ঠীৰ একাংশ লোকে প্ৰতিবাদ কৰে ৷ প্ৰতিবাদকাৰী ৰাইজে কয়, ‘‘ষঠ পূজা ৰাজ্যিক বন্ধ দিব পাৰে ৷ কিন্তু অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীসকলৰ উৎসৱৰ দিনটো ৰাজ্যিক বন্ধ দিব নোৱাৰে কিয় ! যদি চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ নললে আগন্তুক নিৰ্বাচনৰ সময়ত মিচিং গাঁওসমূহত বিজেপি নেতাক প্ৰৱেশ কৰিবলৈ নিদিওঁ ৷’’

লগতে পঢ়ক:আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা কৰাৰ দাবী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.