আলি আয়ে লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণাৰ দাবীত সংবাদ মেল - মিচিং সচেতন সমাজ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-11-2023/640-480-20122335-thumbnail-16x9-bg.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 27, 2023, 8:05 AM IST
গুৱাহাটী, 27 নৱেম্বৰ : মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাঙত চৰকাৰী বন্ধ ঘোষণাৰ দাবী জনাইছে মিচিং সচেতন সমাজে । ৰাজ্যিক কেবিনেটে মিচিং অধ্যুষিত ৰাজ্যৰ 10 খন জিলাত আলি আয়ে লৃগাঙৰ দিনটো সীমিত বন্ধ হিচাপে ঘোষণা কৰিছে যদিও এই দিনটো ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰাৰ বাবে চৰকাৰৰ ওচৰত পুনৰবাৰ দাবী উত্থাপন কৰে মিচিং সচেতন সমাজে ।
সেয়ে দেওবাৰে মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজে গুৱাহাটীৰ হেঙেৰাবাৰী নৱজ্যোতি ক্লাৱত বিয়লি ভাগত ভাগত এক সংবাদ মেল সম্বোধন কৰে ৷ এই সংবাদমেলত মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজৰ হৈ আকাশ দলে কয়, "আলি আয়ে লৃগাঙত ৰাজ্যিক বন্ধ পোৱাটো মিচিং জাতিৰ প্ৰাপ্য । এয়া আমাৰ দীৰ্ঘদিনীয়া ন্যায্য দাবী । কিন্তু মিচিং জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীক নস্যাৎ কৰি যোৱা 16 নৱেম্বৰত অসম চৰকাৰৰ কেবিনেটে মিচিং অধ্যুষিত ৰাজ্যৰ 10 খন জিলাত চৰকাৰী বন্ধ ঘোষণা কৰাটো কোনো পধ্যেই মানি ল’ব নোৱাৰি’’ ।
দলেয়ে আলি আয়ে লৃগাঙত ৰাজ্যিক বন্ধৰ দাবীৰ বাবে মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজে চচলত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ সময়ত আৰক্ষী প্ৰশাসনৰ ভূমিকাক কঠোৰ ভাষাৰে নিন্দা কৰে ।
লগতে পঢ়ক : মিচিং ৰাইজৰ প্ৰতিবাদী কণ্ঠৰে উত্তপ্ত গড়মূৰ