ETV Bharat / bharat

মনুস্মৃতি সম্পৰ্কে মন্তব্য কৰি ধৰ্ম সংসদৰ ৰোষত ৰাহুল গান্ধী; হিন্দু ধৰ্মৰ পৰা বহিষ্কাৰৰ হুংকাৰ ধৰ্মীয় নেতাৰ - RAHUL GANDHI MANUSMRITI REMARKS

স্বামী অভিমুক্তিশ্বৰানন্দই কয় যে ৰাহুল গান্ধীৰ বক্তব্যই মনুস্মৃতিক পবিত্ৰ শাস্ত্ৰ হিচাপে গণ্য কৰা লাখ লাখ হিন্দুৰ বিশ্বাসত আঘাত হানিছে ।

Rahul Gandhi Manusmriti remarks
হিন্দু ধৰ্মৰ পৰা বহিষ্কাৰ হ'ব নেকি ৰাহুল গান্ধী ? কি কয় স্বামী অভিমুক্তেশ্বৰানন্দই (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 10, 2025, 3:57 PM IST

Updated : Feb 10, 2025, 5:23 PM IST

প্ৰয়াগৰাজ : পুনৰ এক মন্তব্যৰ বাবে বিতৰ্কত সোমাই পৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী । কিন্তু এই মন্তব্যৰ বাবে এইবাৰ বিপদত পৰিব নেকি ৰাহুল গান্ধী ? তেনে এক ইংগিতে পোৱা গৈছে হিন্দু ধৰ্মৰ এক সৰ্বোচ্চ সংস্থাৰ সিদ্ধান্তত ।

চলিত মহা কুম্ভমেলাত স্বামী অভিমুক্তেশ্বৰানন্দৰ অধ্যক্ষতাত চলি আছে পৰম ধৰ্ম সংসদ । এই ধৰ্ম সংসদত দেওবাৰে লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এক গৰিহণা প্ৰস্তাৱ গৃহীত হয় । এই গৰিহণা প্ৰস্তাৱটো মনুস্মৃতি সন্দৰ্ভত ৰাহুল গান্ধীৰ বক্তব্যৰ লগত সম্পৰ্কিত ।

প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে যে ৰাহুল গান্ধীয়ে মনুস্মৃতিক ধৰ্ষণকাৰীসকলক সুৰক্ষা দিয়া শাস্ত্ৰ হিচাপে বৰ্ণনা কৰিছিল । স্বামী অভিমুক্তেশ্বৰানন্দই কয় যে ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত এমাহৰ ভিতৰত স্পষ্টীকৰণ দি ক্ষমা বিচাৰিব লাগে । অন্যথা তেওঁক হিন্দু ধৰ্মৰ পৰা বহিষ্কাৰ কৰা হ'ব ।

অভিমুক্তেশ্বৰানন্দই কয় যে এই গৰিহণা প্ৰস্তাৱটো দেৱেন্দ্ৰ পাণ্ডেয়ে প্ৰস্তাৱ কৰিছিল । তাত কোৱা হৈছে যে ৰাহুল গান্ধীৰ বক্তব্যই লাখ লাখ হিন্দুৰ বিশ্বাসক আঘাত কৰিছে, যিয়ে মনুস্মৃতিক পবিত্ৰ শাস্ত্ৰ হিচাপে গণ্য কৰে । ধৰ্ম সংসদে ৰাহুল গান্ধীৰ এই মন্তব্যক তীব্ৰ গৰিহণা দিয়ে আৰু তেওঁক এই সন্দৰ্ভত নিজৰ বক্তব্য ৰাখিবলৈ এমাহৰ সময় দিয়ে ।

স্বামী অভিমুক্তেশ্বৰানন্দই কয়, "তেওঁ ইয়াৰ অন্তৰালত থকা মন্তব্যৰ উদ্দেশ্য স্পষ্ট কৰিব লাগে । কাৰণ জনাওক অথবা ক্ষমা বিচাৰক । এমাহৰ ভিতৰত তেওঁ এইটোও ব্যাখ্যা কৰিব লাগে যে হিন্দু ধৰ্মৰ আধাৰশিলা স্বৰূপ গ্ৰন্থক অৱমাননা কৰাৰ বাবে তেওঁক হিন্দু ধৰ্মৰ পৰা কিয় বহিষ্কাৰ কৰা নহ'ব । ধৰ্ম সংসদৰ সচিবে এই সন্দৰ্ভত ৰাহুল গান্ধীলৈ এখন পত্ৰ লিখিছে ।"

তেওঁ লগতে কয়, "যদি এমাহৰ পিছত স্পষ্ট উত্তৰ নাহে, তেন্তে ৰাহুল গান্ধীক আৰু এবাৰ পুনৰ সোঁৱৰাই দিয়া হ'ব । যদি ৰাহুল গান্ধীয়েও ইয়াৰ প্ৰতিও সঁহাৰি নিদিয়ে, তেন্তে তেওঁক হিন্দু ধৰ্মৰ পৰা বহিষ্কাৰ কৰা হ'ব ।"

অভিমুক্তেশ্বৰানন্দই কয়, "সেই দিনবোৰ এতিয়া গ'ল, যেতিয়া মানুহে আহি হিন্দু ধৰ্মক কলগছৰ দৰে ব্যৱহাৰ কৰি কাটি পেলাইছিল । এতিয়া ধৰ্ম সংসদে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব । দেশৰ প্ৰধানমন্ত্ৰী হওক, ৰাষ্ট্ৰপতি হওক, বিদেশৰ ৰাষ্ট্ৰপতি হওক বা দেশৰ যিকোনো দলৰ বিষয়ববীয়া বা নেতাই হওক, তেওঁলোকে হিন্দু ধৰ্মৰ বিষয়ে কিবা কোৱাৰ আগতে চিন্তা কৰা উচিত । মিছা মন্তব্য প্ৰদান কৰাসকলক হিন্দু ধৰ্মৰ ভিতৰত থাকি হিন্দু ধৰ্মৰ ক্ষতি কৰাৰ সুযোগ দিয়া নহ'ব । তেওঁলোকক বহিষ্কাৰ কৰা হ'ব ।"

উল্লেখ্য যে প্ৰাপ্ত তথ্য অনুসৰি, ধৰ্ম সংসদে ৰাহুল গান্ধীৰ এই মন্তব্যৰ ওপৰত আলোচনা কৰে, য'ত কংগ্ৰেছ নেতাগৰাকীয়ে মনুস্মৃতি সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল । ৰাহুল গান্ধীয়ে এই মন্তব্য লোকসভাত হাথৰস গণধৰ্ষণৰ প্ৰসংগত কৰিছিল । এই ঘটনা সন্দৰ্ভত তেওঁ কৈছিল যে যিয়ে গণধৰ্ষণ কৰিছে তেওঁলোক মুকলিকৈ ঘূৰি আছে আৰু ভুক্তভোগীৰ পৰিয়াল ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে । ভুক্তভোগীৰ পৰিয়াল বাহিৰলৈ ওলাব নোৱাৰে, কিয়নো তেওঁলোকক অপৰাধীয়ে তেওঁলোক ভয়-ভাবুকি দি আছে ।

ইয়াৰ পিছত ৰাহুল গান্ধীয়ে কয়, "এই কথা সংবিধানৰ ক'ত লিখা আছে যে যিয়ে ধৰ্ষণ কৰিব সি মুকলিকৈ ঘূৰি ফুৰিব আৰু যাক ধৰ্ষণ কৰিব তেওঁ ঘৰত আবদ্ধ হৈ থাকিব । এই কথা আপোনালোকৰ গ্ৰন্থ মনুস্মৃতিত লিখা থাকিব পাৰে কিন্তু সংবিধানত লিখা নাই ।"

লগতে পঢ়ক :মহাকুম্ভৰ পবিত্ৰ ত্ৰিবেণী সংগমত ডুব মাৰিলে ৰাষ্ট্ৰপতিয়ে - MAHA KUMBH 2025
লগতে পঢ়ক :৩০০ কিলোমিটাৰ পৰ্যন্ত যান-জঁটত আবদ্ধ লাখ লাখ যাত্ৰী: যোগী চৰকাৰক আক্ৰমণ অখিলেশৰ - TRAFFIC JAM IN MAHA KUMBH

Last Updated : Feb 10, 2025, 5:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.