বৰপেটাৰোডৰ গণকপাৰা ৰিজাৰ্ভত ধানৰ ডাঙৰি পথাৰতে জ্বলাই দিলে দুৰ্বৃত্তই - বৰপেটাৰোডৰ গণকপাৰা ৰিজাৰ্ভত অঘটন
🎬 Watch Now: Feature Video
Published : Dec 1, 2023, 2:36 PM IST
বৰপেটা, ১ ডিচেম্বৰ :বৰপেটা জিলাৰ বৰপেটাৰোডৰ সমীপৰ গণকপাৰা ৰিজাৰ্ভত অঘটন ৷ চপাই থোৱা ধানৰ ডাঙৰি পথাৰতে জ্বলাই দিলে দুৰ্বৃত্তই ৷ গণকপাৰা ৰিজাৰ্ভ গাঁৱৰ দুই কৃষক নিৰঞ্জন বিশ্বাস আৰু ৰায়কিশোৰ বিশ্বাসৰ তিনি বিঘা মাটিৰ সমস্ত ধানৰ ডাঙৰি জ্বলাই দিলে দুৰ্বৃত্তই ৷ চপাই থোৱা ডাঙৰিসমূহ আজি ট্ৰেক্টৰেৰে মৰণা মাৰিবলৈ পথাৰলৈ আহিছিল কৃষক দুগৰাকী ৷ পিছে ধানৰ ডাঙৰিসমূহ পথাৰতে জ্বলি থকা দেখিবলৈ পাই কৃষক দুগৰাকী হতচকিত হৈ পৰে ৷
প্ৰতিবিঘাত ২৫ মোনকৈ প্ৰায় ৭৫ মোন ধান এইদৰে জ্বলাই দিয়ে দুৰ্বৃত্তই ৷ বছৰটোৰ বাবে ধানমুঠি যোগাৰ কৰিবলৈ কপালৰ ঘাম পেলাই পেলাই ঋণ লৈ কৰা খেতিৰ ফচলসমূহ এনেদৰে জ্বলাই দিয়া ঘটনাক লৈ অঞ্চলবাসীয়ে ক্ষোভ প্ৰকাশ কৰিছে ৷ স্থানীয় ৰাইজে এই ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰি কয় যে এতিয়া কৃষক ৰাইজৰ পথাৰতো নিৰাপত্তা নোহোৱা হৈছে ।
লগতে পঢ়ক:১৪ দিনীয়া হ’ল ৰাজ্যিক চিৰিয়াখানাত জন্মলাভ কৰা নতুন জিৰাফৰ পোৱালিটোৰ, শীঘ্ৰেই হ’ব নামকৰণ