Minor girl death: সৰ্পদংশনত কণমানিৰ মৃত্যু, কলৰ ভুৰত উটুৱালে মৃতদেহ

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 5:10 PM IST

thumbnail

নলবাৰী, 5 অক্টোবৰ : নলবাৰীৰ তন্ত্ৰ শংকৰাত সাপে দংশন কৰাৰ ফলত ঈশানী কাশ্যপ নামৰ এগৰাকী কণমানিয়ে শোকাৱহ মৃত্যুক সাৱটি লয় ৷

বিগত 3 অক্টোবৰত ঈশানী কাশ্যাপে নিশা ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁতেই হঠাৎ এডাল বিষাক্ত সাপে ঈশানীৰ ভৰিত মেৰিয়াই ধৰে ৷ লগে লগে ঈশানীৰ চিঞৰ শুনি পিতৃয়ে সাপডাল ভৰিৰ পৰা এৰুৱাই দিয়ে যদিও ইতিমধ্যে বিষাক্ত সাপডালে দংশন কৰিছিল ঈশানীক ৷ ঘটনাৰ দিনাই নিশাই ততাতৈয়াকৈ কণমানিজনীক নলবাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও উপযুক্ত চিকিৎসা নাপালে বুলি পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰে । 

ঈশানীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰা অনুসৰি তেওঁক যথাসময়ত দিয়া হোৱা নাছিল এনটি ভেনম ইনজেকশ্যন ৷ যাৰ বাবে পৰৱৰ্তী সময়ত ঈশানীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰিছিল ৷ 4 অক্টোবৰত পৰিয়ালৰ লোকে ঈশানীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাইছিল যদিও কণমানিজনীয়ে 4 অক্টোবৰৰ নিশা চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে ৷ 

নলবাৰী অভ্যাসন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী আছিল ঈশানী কাশ্যপ ৷ আজি ছাত্ৰীগৰাকীৰ মৃতদেহটো নিজ বিদ্যালয়লৈ লৈ অনা হয় ৷ বিদ্যালয়ৰ চৌহদত ঈশানীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত অভিভাৱকসকলে ৷ তাৰ পিচত ঈশানীৰ মৃতদেহটো জন্মগাঁও তন্ত্ৰ শংকৰালৈ লৈ যোৱা হয় আৰু তাতে ৰাইজৰ উপস্থিতিত পাগলদিয়া নদীত কলৰ ভুৰ সাজি ঈশানীৰ মৃতদেহটো উটুৱাই দিয়া হয় ৷

লগতে পঢ়ক:  Murder case in Lakhimpur : ড্ৰাগছ সৰবৰাহকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুৱালে কিশোৰে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.