Firing at Assam Arunachal border: গুলীচালনা কৰা দুৰ্বৃত্তক অসম আৰক্ষীক গতাই দিয়াৰ আশ্বাস অৰুণাচল প্ৰশাসনৰ - অৰুণাচলীৰ গুলীত নিহত
🎬 Watch Now: Feature Video

ধেমাজি, 6 জুন : সোমবাৰে ধেমাজিৰ জয়ৰামপুৰ পানবাৰীত সংঘটিত হোৱা ঘটনাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া (Firing at Assam Arunachal border) ৷ অৰুণাচলীৰ গুলীত নিহত হৈছে অসমৰ বগা চুতীয়া আৰু মন্টু গগৈ নামৰ দুজন লোক ৷ অসম-অৰুণাচল সীমান্তৰ পাণবাৰীত সংঘটিত হোৱা এই গুলীচালনা সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ধেমাজি জিলা অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে (Sanjoy Kishan reacts on Assam Arunachal border Firing issu) ৷
সোমবাৰে ধেমাজি আৱৰ্ত ভৱনত উপস্থিত হৈ মন্ত্ৰী সঞ্জয় কিষাণে কয় যে এই ঘটনাক লৈ ইতিমধ্যে ধেমাজি জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অৰুণাচলৰ জিলা উপায়ুক্তৰ সৈতে মিলিত হৈছে । শীঘ্ৰে দুবৃৰ্ত্ত কেইটাক চিনাক্ত কৰি অৰুণাচলৰ প্ৰশাসনে অসম আৰক্ষীৰ হাতত গতাই দিব বুলি প্ৰতিশ্ৰুতি দিছে বুলিও তেওঁ মন্তব্য কৰে ৷ লগতে শান্তি বজাই ৰাখিবৰ বাবে দুখন ৰাজ্যৰ সকলোকে সহযোগিতা কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক : Firing at Assam Aruanchal border: সীমান্তত গছপুলি ৰুবলৈ গৈ অৰুণাচলীৰ গুলীত নিহত দুজন অসমীয়া লোক